
এক ৰহস্যজনক আত্মহত্যাৰ কাণ্ডই কালি সমগ্ৰ ৰাজ্য জোকাৰি গ’ল। মহানগৰীৰ গণেশগুৰিত থকা লা ছানচিটা নামৰ লজখনত কালী কালি পুৱাৰ ভাগত এটা কোঠাত উদ্ধাৰ হয় এটা দম্পতী, এটি শিশু আৰু এগৰাকী যুৱতীৰ মৃতদেহ। উল্লেখ্য যে মঙলবাৰে সন্ধিয়াৰ ভাগত ছিপাঝাৰৰ বুঢ়াৰ পৰা লজখনলৈ আহিছিল প্রশান্ত কুমাৰ (৩২), পত্নী পম্পী কলিতা (২৬), তেওঁলোকৰ একমাত্র সন্তান মেঘনা (১) আৰুখুলশালীয়েক অনামিকা কলিতা (২১) । লগতে কোঠাটােৰ পৰা দুখনকৈ ছুইচাইড নোট উদ্ধাৰ হৈছে । ইয়াৰ এখন ছুইচাইড নোট মুখ্যমন্ত্রী, স্বাস্থ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালকপ্ৰধানলৈ লিখাৰ বিপৰীতে আনখন ছুইচাইড নােট পিতৃ আৰু মাতৃলৈ লিখিছে। দুয়োখন ছুইচাইড নোিটতে প্রশান্ত কুমাৰে প্ৰচণ্ড মানসিক অশান্তি আৰু আতিশয্যত ভূগি আত্মহত্যা কৰা বুলি উল্লেখ কৰিছে। ছুইচাইড নোটৰ ভিত্তিত আৰক্ষীয়ে পৰিয়ালটাে আত্মহত্যা কৰা বুলি নিশ্চিত হৈছে । উল্লেখ্য যে ছিপাঝাৰৰ পশ্চিম বুঢ়া অঞ্চলৰ মহেশ্বৰ কুমাৰৰ দ্বিতীয় সন্তান প্রশান্তই যোৱা দীর্ঘসময় ধৰি দৰং জিলাৰ বিভিন্নজনৰ পৰা চাকৰি দিয়াৰ নামত সংগ্ৰহ কৰিছিল লাখ লাখ টকা। অসম আৰক্ষীৰ পৰা নিলম্বন হােৱা পুলিন গগৈ নামৰ এজন কনিষ্টবলৰ সহযোগত এনেদৰে বহু যুৱক-যুৱতীৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল যদিও এজনকে নিযুক্তি দিবলৈ সক্ষম হােৱা নাছিল। একমাত্র পুলিন গগৈ নামৰ এইজন লোকৰ প্ৰৰােচনাত পৰি যোৱা তিনি বছৰত ৬২ গৰাকী চাকৰি প্ৰত্যাশীৰ পৰা ৭৭ লাখ টকা সংগ্ৰহ কৰিছিল। এনেদৰে ধন সংগ্ৰহৰ পাছত চাকৰি নোপোৱা যুৱক-যুৱতীসকলে হেঁচা দিয়াত দিশহাৰা হৈ পৰিছিল প্রশান্ত। সংগ্ৰহ কৰা ধনসমূহ পুলিন গগৈক দিয়াৰ পাছত পুলিন গগৈয়েও এই ধন প্রশান্তক ঘূৰাই নিদি নানা কথাৰে আভুৱা ভাঁৰি আছিল। আনকি ধন ঘূৰাই নোপোৱা বাবে বহু যুৱক প্রশান্তক বিভিন্ন ধৰণে ভাবুকি দিয়াৰ লগতে মানসিকভাৱে আতিশয্য চলাই আহিছিল। যোৱা মঙলবাৰে পুলিন গগৈয়ে প্রশাস্তুক কিছু ধন ঘূৰাই দিব বুলি গুৱাহাটীলৈ মাতি পঠিয়াইছিল যদিও লগ দিয়া নাছিল । এনেদৰে অন্তিম সময়ত প্ৰতাৰণাৰ বলি হৈ প্রশান্তই নিজৰ লগতে কীটনাশক দ্রব্য মিহলোৱা খাদ্য খুৱাই নিঃশেষ কৰি দিলে। এই ঘটনাৰ পাছত এতিয়া অসম আৰক্ষীয়ে এই পুলিন গগৈক বিচাৰি বিভিন্ন স্থানত অভিযান চলাইছে বুলি জানিব পৰা গৈছে।
0 comments:
Post a Comment