কাজিৰঙাৰ পৰিস্থিতিৰ আঁৰত অখিল গগৈৰ উচটনিক আঙুলিয়াই প্রশাসনে তেওঁৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰােৱানা জাৰি কৰাত কৃষক নেতাগৰাকী এইপৰ্যন্ত পলাতক অৱস্থাত আছে। তেওঁক বিচাৰি আৰক্ষীয়ে সংগঠনটােৰ মহানগৰীৰ গান্ধীবস্তিত থকা কার্যালয়তো তালাচী চলায়। আনহাতে তৃতীয় পক্ষৰ উচটনিত কাজিৰঙাত দুই নিৰীহৰ মৃত্যু হােৱাৰ অভিযোগ উত্থাপন কৰিছে কৃষক-শ্রমিক কল্যাণ পৰিষদে৷ এক বিবৃতিত কয়— কুঠৰী পঞ্চােয়তৰ অন্তর্গত বান্দৰডুবি, দেওচুৰাচাং গাঁও, পালখোৱা গাঁও উচ্ছেদ কৰিবলৈ মহামান্য আদালতে ৰায়দান কৰিছিল যোৱা ২০১৫ বৰ্ষৰ ছেপ্টেম্বৰ মাহত। কিন্তু উক্ত স্থানত একাংশ থলুৱা অসমীয়া খিলঞ্জীয়া লোক বসবাস কৰিছিল প্রায় ৫০-৬০ বছৰ ধৰি। সেইসকলক নিৰাপত্তা দিয়াৰ বাবে কৃষক-শ্রমিক উন্নয়ন পৰিষদ, অসমে যোৱা ৮ ছেপ্টেম্বৰৰ পৰা আন্দােলন চলাই আহিছিল। আন্দােলনক চৰকাৰে সন্মান জনাই উচ্ছেদ ৰখা হয়। কিন্তু তৃতীয় পক্ষৰ উচটনিতহে দুই লোক মৃত্যুমুখত পৰে। বিবৃতিটােত পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই কয় যে অখিল গগৈয়ে জনসাধাৰণক উচটাই সংগ্রাম অব্যাহত ৰাখিলে, ফলত দুজন লোকে মৃত্যুবৰণ কৰিব লগা হ’ল। এই হত্যাৰ দোষী অখিল গগৈ। অচিৰে অখিল গগৈক গ্রেপ্তাৰ কৰিব লাগে, অখিল গগৈ পক্ষৰ তৃতীয় কোনােবাৰ সহায়ত এই সংগ্রাম কৰিছে। কলিতাই অখিল গগৈক সকীয়াই দি কয়— ‘সংগ্রাম সংযত কৰক, সংগ্রাম উগ্ৰবাদী নকৰি মানুহক জীয়াই ৰখা আন্দােলন কৰিবলৈ অখিল গগৈয়ে শিকনি লওক।” ” আনহাতে এনে পৰিস্থিতিৰ পাছত গুৱাহাটীত আয়োজিত এক সংবাদ মেলত কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক ভাস্কো ডি শইকীয়াই কয়— “কাজিৰঙাৰ বান্দৰডুবি আৰু দেওচুৰাচাঙত অসম চৰকাৰে চলোৱা উচ্ছেদৰ বিৰুদ্ধে স্থানীয় ৰাইজে গঢ়ি তোলা প্রতিবাদত নিহত হােৱা অঞ্জুমা খাতুন আৰু ফকৰুদ্দিন নামৰ প্ৰতিবাদকাৰী দুগৰাকীক আৰক্ষীয়ে সন্মুখৰ পৰা গুলীয়াই হত্যা কৰা উপস্থিত ৰাইজ আৰু কৃষক মুক্তিৰ নেতৃত্বই স্বচক্ষে প্রত্যক্ষ কৰিছিল। এই দাবী কৃষক মুক্তি সংগ্রাম সমিতিৰ। এয়া এক পৰিকল্পিত হত্যাকাণ্ড। কৃষক মুক্তি সংগ্রাম সমিতিয়ে নিহতৰ পৰিয়াললৈ অতি কমেও ২০ লাখ আৰু আহতৰ পৰিয়াললৈ অতি কমেও ১০ লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ দাবী উত্থাপন কৰে। সংবাদ মেলত সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে তাৎপর্যপূর্ণভাৱে আঙুলিয়াই দিয়ে যে আৰক্ষীয়ে আঠ-দহ ফুট দূৰত্বৰ পৰা ফকৰুদ্দিন নামৰ নামৰ ছাত্ৰীগৰাকীক গুলীয়াই হত্যা কৰে। তাৰ পাছতহে নির্মাণৰত পথৰ ওপৰত থকা গুটিৰে একাংশ আন্দােলনকাৰীয়ে প্রত্যুত্তৰ দিবলৈ বাধ্য হয়। কিন্তু পুলিচে ধাৰাবাহিকভাৱে কন্দুৱা গেছ আৰু গুলীচালনা কৰি ৰাইজক ছত্ৰভংগ দিয়াবলৈ সক্ষম হয়। পুলিচৰ গুলী, লাঠীৰ কোব আৰু কন্দুৱা গেছ খাই প্রতিবাদকাৰীসকল চাৰিওফালে সিঁচৰতি হৈ পৰে আৰু সেই সুযোগতে এফালৰ পৰা ঘৰ ভাঙি উচ্ছেদ অভিযান চলায়। সংবাদ মেলত তেওঁ পুনৰ কয় যে কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্ট অখিল গগৈ তৃতীয় স্তৰৰ আন্দােলনকাৰী পুৰুষ আৰু মহিলাসকলৰ লগত আছিল। তেওঁ প্ৰথমতে ৰাইজক ভাৱে আন্দােলন কৰিবলৈ অনুৰােধ জনাইছিল। ৰাইজক আক্রমণ কৰা প্ৰতিটাে মুহূৰ্তত অখিল গগৈ ৰাইজৰ লগত আছিল। সর্বশেষত বান্দৰডুবি গাঁৱৰ অন্তিম ঘৰটাে ভাঙি সম্পূর্ণ চুৰমাৰ কৰি পেলোৱাৰ পাছতহে তেওঁ ঘটনাস্থলীৰ পৰা আঁতৰি আহে আৰু কাষৰ গাঁৱত আশ্রয় লয়।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment