নগাঁও জিলা প্রশাসনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাশ্বৱতী বান্দৰডুবি, দেওচুৰাচাং আৰু পালখোৱা গাঁৱত কালি পুৱা ৬ বজাৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰি বিয়লিৰ ভাগত সম্পূর্ণ কৰিছে। এইলৈ পুৱাৰ ভাগত উত্তেজিত গঞা আৰু আৰক্ষী-নিৰাপত্তাৰক্ষীৰ মাজত হােৱা সংঘৰ্ষত প্ৰাণ হেৰুৱায় দুজন প্রতিবাদকাৰীয়ে। আনহাতে আৰক্ষীৰ ওপৰত প্রতিবাদকাৰীসকলে শিলেৰে আক্রমণ কৰাৰ ফলত জ্যেষ্ঠ আৰক্ষী বিষয়াসহ ১৫জন লোক আহত হয়। নিহত লোক দুজন ক্রমে অঞ্জুমা খাতুন (১৯) আৰু ফকৰুদ্দিন আলী (২৬) বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে নিচেই পুৱাতেই জিলা ১২ প্রশাসনে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লগতে দহটা হাতী আৰু ৭খন এক্সকেভেটৰ লৈ বান্দৰডুবি গাঁৱত উচ্ছেদৰ বাবে আগবাঢ়ি যোৱাৰ সময়তে কৃষক নেতা অখিল গগৈৰ নেতৃত্বত গাঁওখনৰ কণ কণ শিশুৰ পৰা বৃদ্ধলৈকে পুৰুষ-মহিলাসকলে উচ্ছেদৰ বিৰুদ্ধে ক্ষোভ উজাৰি গাঁওখনলৈ যোৱা পথৰ ওপৰতে সমৱেত হৈ প্রতিবাদ সাব্যস্ত কৰে।
ইফালে আৰক্ষী-প্রশাসনে মাইকযোগে পথটাে এৰি দিবলৈ বাৰম্বাৰ অনুৰােধ জনাই বিফল হােৱাৰ সময়তে নেতা অখিল গগৈৰ নেতৃত্বত যোৱা প্রতিবাদকাৰীয়ে আৰক্ষী প্রশাসন আৰু চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি ত উত্তপ্ত কৰি তোলে। উত্তেজিত জনতাক ছত্ৰভংগ দিয়াবলৈ প্রথমে আৰক্ষীয়ে কন্দুৱা গেছ প্রয়োগ কৰে। আৰক্ষীৰ নির্দেশ আৰু আইন উলংঘা কৰি উত্তেজিত জনতাই আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰি পৰিস্থিতি অধিক জটিল কৰি তোলে। ইয়াৰ পাছতেই আৰক্ষীয়ে লাঠীচালনা কৰি উত্তেজিত লোকক খেদি পঠিয়ায় যদিও ক্ষুব্ধ জনতাই চৌদিশৰ পৰা শিলেৰে আক্রমণ কৰাত জ্যেষ্ঠ আৰক্ষী বিষয়াসহ ১৫ জনকৈ লোক গুৰুতৰভাৱে আহত হােৱাৰ সময়তে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীবর্ষণ কৰাত এগৰাকী মহিলা আৰু এজন যুৱকৰ থিতাতে মৃত্যু হােৱাৰ লগতে তছলিমা খাতুন (৫৫) নামৰ মহিলাগৰাকী গুৰুতৰভাৱে আহত হয়। নিহত আৰু আহতসকলক ততালিকে জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
আনহাতে উচ্ছেদস্থলীত বৃহৎ আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলোৱাৰ মাজতে গাঁওবাসীক উচটনি দিয়া প্রতিবাদকাৰী নেতা অখিল গগৈয়ে আন্দােলনস্থলীৰ পৰা পলাই পত্ৰং দিয়ে। পুৱাৰ পৰা আৰক্ষী প্রশাসনে চলোৱা উচ্ছেদ অভিযানত বান্দৰডুবি গাঁৱৰ চৰকাৰী মাটি দখল কৰি গৃহ নির্মাণ কৰা ১৭৫টা ঘৰ, ম্যাদী মাটিত থকা ২৭টা ঘৰ, দেওচুৰচাং গাঁৱৰ ১১২টা ঘৰ আৰু পালখোৱা গাঁৱৰ মাত্র ১৮টা ঘৰ ভাঙি পেলায়। কাজিৰঙাৰ সুৰক্ষাৰ স্বাৰ্থত উচ্ছেদ অভিযান কাজিৰঙাৰ সুৰক্ষাৰ স্বাৰ্থতেই ন্যায়ালয়ৰ নির্দেশ অনুসৰি আৰক্ষী-প্রশাসনে তিনিখন গাঁৱত উচ্ছেদ অভিযান আৰম্ভ কৰে। উল্লেখ্য যে ভাৰতীয় জনতা পাটীৰ নেতা তথা বর্তমানৰ বিধায়ক মৃণাল কুমাৰ শইকীয়াই দাখিল কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গোচৰ নং পি আই এল ৬৬/২০১২ আৰু পি আই এল ৬৭/২০১২ৰ ওপৰত আদালতৰ ৯/১০/২০১৫ তাৰিখৰ হুকুম অনুসৰি কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তর্গত দ্বাৰবাগৰি মৌজাৰ বান্দৰডুবি, দেওচুৰচাং আৰু পালখোৱা গাঁৱৰ মুঠ ২৮৪টা পৰিয়ালৰ ওপৰত নগাঁও জিলা প্রশাসনে যোৱা ৭ ছেপ্টেম্বৰৰ ভিতৰত উচ্ছেদ চলোৱাৰ নির্দেশ জাৰি কৰিছিল যদিও ৰাজ্য চৰকাৰে ৭ ছেপ্টেম্বৰৰ পৰিৱর্তে ২১ ছেপ্টেম্বৰ সময়সীমা ধার্য কৰিছিল। এক বিশেষ সূত্রে জানিব পৰা মতে, উদ্যানৰ পার্শ্বৱৰ্তী কলিয়াবৰ খাজহ চক্ৰৰ এলেকাধীন দেওচুৰচাঙৰ চৰকাৰী ভূমিত ১১৫টা বাসগৃহ আছে। একেদৰে পালখোৱা গাঁৱৰ চৰকাৰী ভূমিত ১১টা ঘৰ আৰু ম্যাদী মাটিত ৬টা ঘৰ আছিল। আনহাতে বান্দৰডুবি গাঁৱত চৰকাৰী মাটিত ১৭৫টা বাসগৃহ আৰু ম্যাদী মাটিত ৬২টা বাসগৃহ আছিল। একচনীয়া ভূমিত ১২টা ঘৰ আছিল বুলি জনা যায়।আনহাতে উচ্ছেদ অভিযানৰ সময়ত যি দুগৰাকী নিহত হ’ল, তেওঁলোকৰ নিকটতম আত্মীয়ালৈ পাঁচ লাখকৈ টকা সাহায্য দিয়াৰ কথা মুখ্যমন্ত্রীয়ে ঘোষণা কৰিছে।
0 comments:
Post a Comment