ফটাে সাংবাদিক চিন্ময় ৰয়লৈ টি কাশীনাথ এৱার্ড

অসমীয়া প্রতিদিনৰ জ্যেষ্ঠ ফটাে সাংবাদিক চিন্ময় ৰয়ে ইষ্টান ফটোগ্রাফিক একাডেমীয়ে আয়োজন কৰা চতুর্দশ সর্দেী ভাৰত ফটােগ্ৰাকী প্রতিযোগিতাৰ ফটাে সাংবাদিকতা শাখাত দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে । ২০১৪ চনৰ ২৪ ফেব্ৰুৱাৰীত প্রকাশিত এখন শিহৰণকাৰী ফটােৰ বাবে ফটাে সাংবাদিকজনে এই সন্মান লাভ কৰিছে। সেই অনুসৰি ৰয়লৈ টি কাশীনাথ এৱার্ড প্রদান কৰিছে নৰ্থ-ইষ্টার্ন ফটােগ্রাফিক একাডেমীয়ে। যোৱা ১১ ছেপ্টেম্বৰত অনুষ্ঠিত এই প্রতিযোগিতাত সন্মান কঢ়িয়াই আনে চিন্ময় ৰয়ে । কৃষক মুক্তি সংগ্রাম সমিতিৰ এগৰাকী সদস্য প্ৰণৱ বড়োৱে এক প্রতিবাদী আন্দােলনৰ সময়ত মহানগৰীৰ দিছপুৰত আত্মজাহ দিয়া দৃশ্য কেমেৰাত বন্দী কৰিবলৈ সক্ষম হৈছিল ৰয়ে । চিন্ময় ৰয়ৰ এই ফটােখন ‘অসমীয়া প্রতিদিন' কাকতত ২০১৪ চনৰ ২৪ ফেব্ৰুৱাৰীত প্রকাশ হৈছিল। সেই শিহৰণকাৰী ফটােখনৰ বাবেই চতুর্দশ সন্দীে ভাৰত ফটােগ্ৰাকী প্রতিযোগিতাত দ্বিতীয় পুৰস্কাৰ লাভ কৰে ৰয়ে। এই প্রতিযোগিতাত “ফিপ গ’ল্ড পুৰস্কাৰ ৰাহুল বৰুৱা আৰু এন থিয়ােগাৰাজন পুৰস্কাৰ যুগল ভৰালীয়ে অর্জন কৰিছে।


Share on Google Plus

About Unknown

0 comments:

Post a Comment