গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত কালিৰে পৰা আৰম্ভ হৈছে ৬৪সংখ্যক ভাৰত ৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈ টুকী ফুটবল প্রতিযোগিতা। গুৱাহাটী ক্রীড়া সন্থাৰ হৈ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত গুৱাহাটী এফ চি স্প'ৰ্টছ প্রাইভেট লিমিটেডে আয়োজন কৰা এই প্রতিযোগিতা সন্ধিয়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসমৰ মুখ্য মন্ত্রী সর্বানন্দ সোণোৱালে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাসকলৰ ভিতৰত অন্যতম আছিল বলীউডৰ অভিনেতা সুনীল চট্টী। নিজৰ ভাষণত মুখ্য মন্ত্রী সোণোৱালে কয় যে বৰদলৈ ট্ৰফীৰ যোগেদিয়ে সর্বভাৰতীয় ফুটবলত অসমে বিশেষ স্থান পাবলৈ সক্ষম হৈছিল আৰু এই প্রতিযোগিতাৰ যোগেদিয়ে অসমে নিজৰ ভৱিষ্যৎ গঢ় দিব পাৰিব। বৰদলৈ টুকীক দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ অন্যতম শ্রেষ্ঠ সন্থা হিচাপে গঢ় দিয়াৰ প্ৰয়াস কৰিব লাগে বুলি তেওঁ কয়। অসমক বিশ্বৰ এখন সুন্দৰ ঠাই বুলি সংস্কৃতিৰ এক মিলন বুলি কয়।উক্ত অনুষ্ঠানত প্রাক্তন ফুটবল খেলুৱৈ কলিমুদ্দিন আৰু ভোলানাথ বড়োক সম্বর্ধনা জনোৱা হয়। উদ্বোধনী অনুষ্ঠানটােত অসম চৰকাৰৰ ক্রীড়ামন্ত্রী নৱ দলে, বিধায়ক অতুল বৰা, প্রাক্তন মন্ত্রী ৰবীন বৰদলৈ, প্রাগ নিউজৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ, বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা,বিলীন বৰদলৈ আৰু তেওঁৰ পৰিয়ালবৰ্গ উপস্থিত থাকে।
গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আৰম্ভ ৬৪সংখ্যক লোকপ্রিয় গোপীনাথ বৰদলৈ টুকী ফুটবল প্রতিযোগিতা।

0 comments:
Post a Comment