ভাৰত-চীন সীমান্তত উত্তেজনা ::চীনা সৈন্যৰ অৰুণাচলত শিবিৰ

অৰুণাচলৰ আনজাও জিলাৰ প্লাম নামৰ ঠাইত শেহতীয়াকৈ চীনা সৈন্যই শিবিৰ স্থাপন কৰা ঘটনাই বৃদ্ধি কৰিছে। চােৰাংচােৱাৰ শীৰ্ষ সূত্ৰৰ মতে আনজাওৰ চাংগালাম চার্কোলৰ পৰা মূল নিয়ন্ত্রণৰেখালৈ অৰ্থাৎ মেকমোহন লাইনলৈ দূৰত্ব ৯৪ কিলোমিটাৰ। চলিত মাহৰ প্ৰথম সপ্তাহতে চীনা সৈন্যই মেকমোহন লাইন অতিক্ৰমি ৪৫ কিলোমিটাৰ সোমাই আহি প্লামত অস্থায়ী শিবিৰ স্থাপন কৰে। আনকি চাংগালামৰ পৰা ৫২ কিলোমিটাৰ দূৰত্বত সেনাৰ টহলদাৰী দলে চীনা সৈন্যৰ সৈতে মুখামুখিও হৈছিল। আনহাতে আন্তঃৰাষ্ট্ৰীয় সীমাৰ কাপাপুত চীনা সৈন্যই পথ নির্মাণৰ লগতে কাঠৰ দলং আদি নির্মাণ কৰি সমৰসজা ব্যাপক কৰি তুলিছে। চাংগালামৰ পৰা ২৩ কিলোমিটাৰ দূৰত্বত চীনা সৈন্যৰ এনে ব্যাপক সঞ্চালন পূব অৰুণাচলৰ প্রতি ভাবুকিস্বৰূপ হৈ পৰিছে। ইয়াৰ পিচতে যোৱা ১৪ ছেপ্টেম্বৰত চীনা সীমান্ত অঞ্চলৰ ডামাইত ভাৰত আৰু চীনা সেনাৰ ফ্লেগ মিটিং অনুষ্ঠিত হৈছিল যদিও চীনা সৈন্যই অনুপ্রৱেশ কৰা অঞ্চল এৰি দিবলৈ অমান্তি হয়। ইয়াৰ বিপৰীতে অস্থায়ী শিবিৰ স্থাপন কৰা অঞ্চল ৰঙা চীনৰ ভিতৰুৱা বুলিহে দাবী কৰে। ভাৰত-চীনা সৈন্যৰ এনে বিবাদে পূব অৰুণাচল আন্তঃৰাষ্ট্ৰীয় সীমান্তত উত্তেজনা বৃদ্ধি কৰাৰ মাজতে অহা ১ অক্টোবৰত চীনা সৈন্যৰ অনুপ্ৰৱেশক লৈ দুয়ো দেশৰ সেনা কর্তৃপক্ষ আন এক ফ্লেগ মিটিঙত বহিব। ইপিনে সমগ্ৰ বিষয়টো চােৰাংচােৱাই বিস্তৃতভাৱে অৱগত কৰাৰ পাচতো কেন্দ্রীয় চৰকাৰে এই উত্তেজনা শাম কটাবলৈ ক্ষিপ্ৰ কূটনৈতিক পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হােৱা নাই। উল্লেখযোগ্য যে কাশ্মীৰৰ উৰিত পাকসমর্থিত সন্ত্রাসবাদীয়ে ১৮ জন সেনা জোৱানক হত্যা কৰাৰ যুদ্ধ আৰম্ভ হােৱাৰ সম্ভাৱনাই দেখা দিছে।ওপৰত ভাৰত-পাকিস্তানৰ সম্পর্কৰ শেহতীয়া নেকি বুলিও প্রশ্ন উঠিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment