ধপাতমুক্ত হব ৰাজ্যৰ চৰকাৰী মাধ্যমিক বিদ্যালয়সমূহ ;;আৰম্ভ হৈছে এক অভিযান

Image result for no smoking school zone
ৰাজ্যৰ চৰকাৰী মাধ্যমিক বিদ্যালয়সমূহ ধপাতমুক্ত হিচাপে ঘোষিত হােৱাৰ দিশে আগবাঢ়িছে । শিক্ষা বিভাগ , বি বি কেঞ্চাৰ ইন্সটিটিইট আৰু হিলিস শেখসৰিয়াইনষ্টিটিউট ফৰ পাব্লিক হেলথৰ উদ্যোগত আৰম্ভ হৈছে এক অভিযান । এইক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে টাটা ট্রাষ্টে। হিলিস শেখসৰিয়া ইনষ্টিটিউট ফৰ পাব্লিক হেলথৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি, ইতিমধ্যে ৮খন জিলাৰ ১০০ শতাংশ চৰকাৰী মাধ্যমিক বিদ্যালয়ত ধপাতমুক্ত শিক্ষানুষ্ঠান অভিযান (টি এফ ই আই) সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈছে। এই জিলাকেইখন হ’ল—তিনিচুকীয়া, শোণিতপুৰ, লখিমপুৰ, বাগাসা, ওদালগুৰি, গোলাঘাট, গােৱালপাৰা আৰু বঙাইগাঁও। আন জিলাসমূহতাে টি এফ ই আই পূৰ্ণগতিত অব্যাহত থকা বুলি দাবী কৰিছে প্ৰতিষ্ঠানটােৱে। উল্লেখ্য যে ৰাজ্যত থকা চৰকাৰী মাধ্যমিক বিদ্যালয়ৰ সংখ্যা হল ৪৪,৩১৬খন। ইয়াৰ ভিতৰত বঙাইগাঁৱৰ ৭৮খন, বাগসােৰ ১৮৯খন, ওদালগুৰিৰ ৭৯খন, শোণিতপুৰৰ ১৯৭খন, লখিমপুৰৰ ৩০২খন, তিনিচুকীয়াৰ ৯০খন আৰু গােৱালপাৰাৰ ১২০খন মাধ্যমিক বিদ্যালয়ক সম্পূৰ্ণৰূপে ধপাতমুক্ত ঘোষণা কৰা হৈছে। তথ্য অনুসৰি, অসমত দৈনিক গড়ে ১৪০টা শিশুৱে ধপাত সেৱন কৰিবলৈ আৰম্ভ কৰে। এনে শিশুৰ সংখ্যা দেশৰ ক্ষেত্ৰত ৫,৫০০টা। তদুপৰি ৰাজ্যত ৩৯.৪ শতাংশ লোকৰ ধপাতৰ প্ৰতি আসক্তি আছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment