আশ্চার্য ;;বৰপেটাতত জমা ৰখা ৩টা গড়ৰ খৰ্গৰ সলনি ওলাইছে গুড়ি পদার্থ


বৰপেটা কোষাগাৰত চৰকাৰীভাৱে জমা কৰি ৰখা ৩টা গড়ৰ খৰ্গৰ সলনি ওলাইছে গুড়ি পদার্থ। এই ঘটনা পোহৰলৈ আহিছে বৰপেটা কোষাগাৰত ৰাখি থোৱা গড়ৰ খৰ্গ পৰীক্ষা কৰিবলৈ বৰপেটালৈ কালি অহা বিশেষজ্ঞ দলে কৰা পৰীক্ষাৰ অন্তত। বৰপেটা কোষাগাৰত থকা ৩৩ টা গড়ৰ খৰ্গ পৰীক্ষা কৰে এটি বিশেষজ্ঞৰ দলে । বিশেষজ্ঞৰ দলটােৱে গড়ৰ খৰ্গসমূহ তন্ন-তন্নকৈ পৰীক্ষা কৰাৰ অন্তত বেছিভাগ খগই জহি-খহি যোৱাটাে নিশ্চিত কৰে। এই ৩৩ টাৰ মাজৰ তিনিটা খৰ্গৰ ঠাইত গুড়িসদৃশ পদার্থ ওলোৱাত এইকেইটাক খৰ্গ বুলি চিনাক্ত কৰাৰ ক্ষেত্ৰত বিশেষজ্ঞৰ দলটাে গুৰুতৰ অসুবিধাৰ সন্মুখীন হয়। উক্ত ২০, ২৫ আৰু ৩২ নম্বৰৰ এই তিনিটা খৰ্গৰ ডি এন এ পৰীক্ষাৰ বাবে ডেৰাডুনত থকা ৱাইল্ড লাইফ ইনষ্টিটিউট অব ইণ্ডিয়ালৈ প্ৰেৰণ কৰা হব । চৰকাৰীভাৱে জমা কৰি ৰখা এই গড়ৰ খৰ্গবােৰ অৱহেলিত অৱস্থাত বছৰ বছৰ ধৰি পৰি আছিল। সেয়ে বৈজ্ঞানিকভাৱে সংৰক্ষণৰ অভাৱত নষ্ট হৈ যোৱা বুলি বিশেষজ্ঞৰ দলটােৱে যথেষ্ট আক্ষেপ প্রকাশ কৰে।


Share on Google Plus

About Unknown

0 comments:

Post a Comment