পাকিস্তানক বিষম আঘাত হানিবলৈ সাজু ভাৰত ::সুব্ৰমনিয়ন স্বামী::যুদ্ধংদেহি পাকিস্তান-ভাৰত


Image result for india pakistan
উৰিত পাকিস্তান সমর্থিত উগ্রপহীয়ে ১৮জনকৈ ভাৰতীয় সেনাক হত্যা কৰাৰ পিছত প্রতিশোধকল্পে ভাৰতে প্রতিবেশী দেশখনত অথবা সীমান্তৰ সন্দেহযুক্ত সন্ত্রাসবাদী অধূষিত অঞ্চলত আক্রমণ কৰাৰ আশংকা দেখি আজি পাকিস্তানে নির্দিষ্ট কেতবােৰ বায়ুপথ আৰু স্থলপথ বন্ধ কৰি ব্যাপক ৰূপত সামৰিক অনুশীলন আৰম্ভ কৰিছে। উৰিৰ ঘটনাত যুদ্ধংদেহি পাকিস্তান-ভাৰত ক্ষুব্ধ হৈ উঠা ভাৰতে ইয়াৰ মীমাংসা সামৰিক উপায়েৰে কৰিবলৈ সিদ্ধান্ত ল’লে পাকিস্তানৰ ওপৰত যিকোনো সময়তে আক্রমণ হ’ব পাৰে বুলি শংকিত হৈ পাকিস্তান বিমান বাহিনীয়ে (পি এ এফ) ইতিমধ্যে ব্যাপক অনুশীলন আৰম্ভ কৰিছে। ইপিনে, হাত সাবটি বহি থকা নাই ভাৰতো। পাকিস্তানক বিষম আঘাত হনাৰ বাবে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে। বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুব্ৰমনিয়ন স্বামীয়ে এই কথা নিশ্চিত কৰিছে। দেশৰ এটা আগশাৰীৰ টেলিভিছন চেনেলত স্বামীয়ে কয়— ‘হয়, পাকিস্তানক গুৰুতৰ আঘাত হানিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছে।” আনহাতে, বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক সিদ্ধার্থ নাথ সিঙেও দাবী কৰে যে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে সামৰিক বিকল্প প্রয়োগ কৰাৰ কথা গুৰুতৰভাৱে বিবেচনা কৰিছে। তেওঁ কয়— ‘প্রধান মন্ত্রী আৰু প্ৰতিৰক্ষা মন্ত্রীৰ বক্তব্যৰ পৰা এই বিষয়ে সন্দেহ নাই যে কেন্দ্রীয় চৰকাৰে সামৰিক বিকল্প ব্যৱহাৰৰ পোষকতাই কৰিছে।’ তদুপৰি প্ৰতিৰক্ষা মন্ত্রী মনোহৰ পাৰিকৰে কৈছে যে প্রধান মন্ত্রীয়ে উৰি আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ যি হুংকাৰ দিছে, সেয়া কেৱল কথাৰ কথা নহয়। উৰিত ভাৰতীয় সেনা হত্যাৰ ঘটনাৰ পিছত ভাৰতৰ উপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া,চীন, জাপান, জার্মানীকে ধৰি বিশ্বৰ আগশাৰীৰ দেশে পাকিস্তানক ধিক্কাৰ দিয়াত আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপটত শলঠেকত পৰিছে পাকিস্তান। আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ৰ পৰা বিগতকেইদিনত অকুণ্ঠ সমর্থন লাভ কৰা ভাৰতে এই সুযোগ গ্রহণ কৰি পাকিস্তানত আকাশী আক্রমণ অথবা কেতবােৰ অঞ্চলত আক্রমণ কৰাৰ পূৰ্ণ সম্ভাৱনা সৃষ্টি হৈছে। এনে পৰিস্থিতিত পাকিস্তানে পৰিকল্পিতভাৱে আগতীয়াকৈ সামৰিক অনুশীলন আৰম্ভ কৰিছে। দেশখনে চৰকাৰীভাৱে এই অনুশীলনৰ কথা এতিয়াও প্রকাশ কৰা নাই ঠিকেই, পিছে পাকিস্তানৰ সর্বাধিক প্রচলিত আৰু বিশ্বাসযোগ্য সংবাদ-পত্ৰ “ডন’-এ প্রকাশ কৰা মতে ইতিমধ্যে দেশখনৰ বায়ুসেনা বাহিনীয়ে গভীৰ অনুশীলন আৰম্ভ কৰিছে। দেশখনে বুধবাৰেই উত্তৰ দিশৰ আকাশী পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে আৰু এম-১, এম-২। ৰাষ্ট্ৰীয় পথ সর্বসাধাৰণৰ বাবে বন্ধ কৰি সামৰিক বাহিনীয়ে উক্ত দুই পথৰ দখল নিজৰ হাতলৈ নিছে। ইপিনে, পি আই এ পৰিচালিত পাকিস্তানৰ অসামৰিক যাত্রীবাহী বিমানৰ বাতিল কৰিছে। ইপিনে, স্থানীয় সংবাদ মাধ্যমত ভাৰতীয় সেনাৰ সঞ্চালন আৰম্ভ হােৱা আৰু গুৰুত্বপূর্ণ অংশলৈ প্ৰেৰণ কৰা বুলি প্ৰচাৰ হােৱাত দেশখনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment