বিশ্ব বিশ্ববিদ্যালয়ৰ শীর্ষ তালিকাত তেজপুৰ বিশ্ববিদ্যালয় :: গুৱাহাটী আই আই টিৰো স্থান লাভ


Image result for tezpur university

‘টাইমছ হায়াৰ এডুকেচন (দ্য) ৱল্ড ইউনিভাছিটা ৰেংকিংছ ২০১৬-১৭’ শীর্ষক প্রতিবেদনত বিশ্বৰ বিশ্ববিদ্যালয়সমূহৰ শীর্ষ তালিকাত ভাৰতৰ অভিলেখসংখ্যক ৩১ খনে স্থান লাভ কৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত দেশৰ সুনাম কঢ়িয়াই আনিছে। ভাৰতৰ এই ৩১খন শিক্ষা প্রতিষ্ঠানৰ ভিতৰত অসমৰ দুখনকৈ প্রতিষ্ঠানে স্থান লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিশ্বৰ ৭০খন দেশৰ পৰা শীর্ষ ৯৮০খন শ্রেষ্ঠৰ তালিকা প্ৰস্তুত কৰি প্রতিবেদন আকাৰে প্ৰকাশ কৰিছে। এই তালিকাত বিগত বৰ্ষৰ তালিকাতকৈ প্রায় ৫০টা স্থান আগুৱাই দ্য ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স (আই আই এছ চি) বাংগালুৰুৱে ভাৰতৰ শ্রেষ্ঠ হিচাপে উক্ত তালিকাত স্থান লাভ কৰিছে। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে তালিকাখনত শীর্ষস্থান লাভ কৰাৰ বিপৰীতে এইবেলিৰ তালিকাত নতুনকৈ অন্তৰ্ভুক্ত হােৱা ভাৰতৰ চাৰিখনৰ ভিতৰত তেজপুৰ বিশ্ববিদ্যালয়েও স্থান লাভ কৰিছে। তেজপুৰৰ উপৰি নতুনকৈ স্থান লাভ কৰিছে নেচনেল ইনষ্টিটিউট অৱ টেকন’লজী ৰুদ্ৰকেল্লা, শ্ৰীভেংকটেশ্বৰ ইউনিভাছিটা আৰু টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেন্টেল ৰিছার্চে।

Image result for iit guwahati

বিগত বৰ্ষৰ তালিকাত ১৯খনে শীর্ষ ৮০০ৰ ভিতৰত স্থান লাভ কৰিছিল যদিও এইবাৰ ৯৮০খনৰ ভিতৰত ভাৰতৰ ৩১ খনে স্থান লাভ কৰি অভিলেখ গঢ়িছে। শীর্ষ ২০০ৰ ভিতৰত কোনো ভাৰতীয় বিশ্ববিদ্যালয় নাই যদিও ইয়াৰ পাছতেই ৩১খনে স্থান লাভ কৰিছে। আই আই এছ চি বাংগালুৰুৱে ভাৰতীয়ৰ প্ৰথম হিচাপে স্থান লাভ কৰাৰ পাছতেই আই আই টি বোম্বাই, আই আই টি কানপুৰ, আই আই টি মাদ্রাজ, আই আই টি খড়গপুৰ, আই আই টি ৰুদ্ৰকী আৰু আই আই টি গুৱাহাটীয়ে স্থান লাভ কৰে। ইয়াৰ উপৰি তালিকাত যাদৱপুৰ বিশ্ববিদ্যালয়, আলীগড় মুছলিম বিশ্ববিদ্যালয়, বিৰলা ইনষ্টিটিউট অৱ টেকন’লজী এণ্ড ছায়েন্স পিলানী, কলকাতা বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়, পঞ্জাব বিশ্ববিদ্যালয়, সাৱিত্ৰী বাই ফুলে পুনে বিশ্ববিদ্যালয়, আচার্য নাগাৰ্জনা বিশ্ববিদ্যালয়, এমিটি বিশ্ববিদ্যালয়, বিশ্ববিদ্যালয়, অন্ধ বিশ্ববিদ্যালয়, ক’চিন ইউনিভাছিটা অৱ ছায়েন্স এণ্ড টেকন’লজী, মহাৰাজা ছায়াজীৰাও অৱ বৰোডা, মণিপাল ইউনিভাছিটা, ওচমানিয়া ইউনিভাছিটা, শাস্ত্র ইউনিভাছিটা, সত্যভামা ইউনিভাছিট, এছ আৰ এম ইউনিভাছিটা আৰু ভেলোৰ ইনষ্টিটিউট অৱ টেকন’লজী আছে। উল্লেখ্য যে ১২ বছৰৰ পাছত গ্রেট ব্রিটেইনৰ বিশ্ববিদ্যালয় অক্সফ’ৰ্ডে এইবেলি তালিকাত শীর্ষস্থান লাভ কৰিছে। আনহাতে একেৰাহে পাঁচ বছৰ শীৰ্ষস্থান লাভ কৰা কেলিফর্নিয়া ইনষ্টিটিউট অৱ টেকন’লজীয়ে দ্বিতীয় স্থান আৰু তৃতীয় স্থান লাভ কৰে ষ্টেনফ’ৰ্ড ইউনিভাৰ্ছিটীিয়ে। বিগত ২০ বছৰ ধৰি তালিকাত জয়যাত্রা অব্যাহত ৰখা দক্ষিণ এছিয়াই এইবেলি তালিকাত ৩৯সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে শ্ৰীলংকাই প্রথমবাৰৰ বাবে কলম্বো বিশ্ববিদ্যালয়ৰ জৰিয়তে তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হয়। ঠিক তেনেদৰে পাকিস্তানৰ পাঁচখন বিশ্ববিদ্যালয় নতুনকৈ অন্তর্ভুক্ত হৈ তালিকাত ৭সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment