তেজপুৰত সমৰসজ্জা ::যিকোনাে মুহুর্ততে শত্রুপক্ষক প্রত্যুত্তৰ দিবলৈ সাজু ভাৰতীয় সেনা



অসাধাৰণ আত্মবিশ্বাস আৰু সামৰিক শক্তিৰে  সুসজ্জিত ভাৰতীয় সেনাই এতিয়া নিতৌ আৰম্ভ কৰিছে সামৰিক অনুশীলন। সম্পূৰ্ণৰূপে সতর্ক দৃষ্টি ৰাখিছে দেশৰ সীমান্তৱতী দেশৰ সেনাৰ চালচলনৰ লগতে সীমান্তত তীক্ষ দৃষ্টি ৰাখিছে ভাৰতীয় বায়ুসেনাই। অত্যাধুনিক ছুখয়-৩০ৰ ২৮খন যুদ্ধ বিমান ছুখয় নিতীে উৰে তেজপুৰৰ আকাশত। যেন যুদ্ধৰ দামামাহে বাজিছে। আখৰাত ব্যস্ত হৈ পৰিছে। যুঁজাৰু পাইলটসকল। অকল ছুখয়-৩০য়েই নহয়, তেজপুৰৰ শালনীবাৰীৰ বায়ুসেনাৰ বিমান ঘাটিত সাজু কৰি ৰখা হৈছে দেশীয়ভাৱে নির্মিত আকাশ ক্ষেপণাস্ত্ৰ। যি ক্ষেপণাস্ত্ৰই আকাশমাৰ্গৰ পৰা ৫০০ কিলোমিটাৰ দূৰত্বৰ পৰা শত্রুপক্ষৰ নির্দিষ্ট শিবিৰত আঘাত কৰিব পাৰে। একেদৰে চেতক, এম-২০ হেলিকপ্টাৰৰ জৰিয়তে সৈন্য সঞ্চালন, চিকিৎসা সেৱা আদি কার্যৰ বাবে সম্পূৰ্ণৰূপে সাজু কৰি ৰখা হৈছে। সাজু হৈ আছে বায়ুসেনাৰ এয়াৰ কািস্ট্র’ল ইউনিট আৰু শক্তিশালী ৰাডাৰসমূহ। কমেও ১০০ কিলোমিটাৰ দূৰত্বত থকা শত্রুপক্ষৰ বিমান বিধ্বস্ত কৰিবলৈ প্রয়ােজন মাত্ৰ কেইটামান মিনিটৰ। এনে সমৰসজ্জা যুদ্ধৰ বাবে নহয়। বায়ুসেনাৰ প্রতিষ্ঠা দিৱসৰ প্ৰস্তুতি আৰু যিকোনাে মুহুর্ততে সেনাক সাজু কৰি ৰখাৰ বিশেষ আখৰা এয়া। উল্লেখ্য যে ভাৰতীয় বায়ুসেনাই অহা আঠ অক্টোবৰত ৮৪সংখ্যক প্রতিষ্ঠা দিৱস পালন কৰিব। ইয়াৰ লগত সংগতি ৰাখি কালি ভাৰতীয় বায়ুসেনাৰ তেজপুৰৰ শালনীবাৰী ষ্টেচনত সাংবাদিকক অত্যাধুনিক যুদ্ধ বিমান ছুখয়ৰ কলাকৌশল আৰু শত্রুপক্ষৰ সৈতে যিকোনাে মুহুর্ততে প্রত্যুত্তৰ দিবলৈ কিদৰে সাজু হৈ আছে তাক প্রদর্শন কৰে। আনহাতে সাংবাদিকে কৰা প্রশ্নৰ উত্তৰত তেজপুৰ বায়ুসেনা ঘাটিৰ এ অ’ চিয়ে কয়, প্রতি মুহুর্ততে ভাৰতীয় বায়ুসেনা সতর্ক হৈ থাকে। দেশবাসীয়ে যাতে সুখেৰে, নিশ্চিন্তু মনেৰে বাস বাস কৰিব পাৰে তাৰ বাবে ভাৰতীয় সেনা সদা জাগ্ৰত প্ৰহৰী হৈ আছে। সীমাস্তৱতী ৰাষ্ট্ৰৰ সৈতে যিকোনো মুহুৰ্তত যুঁজিব পৰাকৈ তেজপুৰ বায়ুসেনা ঘাটি যথেষ্ট শক্তিশালী। উচিত প্রত্যুত্তৰ দিবলৈ আমি সাজু। তদুপৰি দেশৰ নিৰাপত্তাজনিত দিশত অত্যন্ত গুৰুত্বপূর্ণ ঘাটি এই তেজপুৰৰ শালনীবাৰী বায়ুসেনা ছাউনী।”
Share on Google Plus

About Unknown

0 comments:

Post a Comment