১০৮ মৃত্যুঞ্জয় সেৱা অনির্দিষ্টকাললৈ বন্ধ হ’ব ২৫ ছেপ্টেম্বৰৰ পৰা ;;;

Image result for 108 mrityunjoy

সদৌ অসম ১০৮ মৃত্যুঞ্জয় কর্মচাৰী সন্থাই ৰাজ্যৰ ১০৮ মৃত্যুঞ্জয় সেৱা অনির্দিষ্টকালীন বন্ধ ঘোষণা কৰিছে । ১০৮ মৃত্যুঞ্জয় সেৱাৰ কর্মচাৰীসকলক ৰাজ্য চৰকাৰ তথা হায়দৰাবাদী প্রতিষ্ঠান জি ভি কে ই এম আৰ আয়ে বিগত কেইবাবছৰাে ধৰি ১০৮ মৃত্যুঞ্জয় সেৱাৰ কর্মচাৰীসকলক কৰি অহা বঞ্চনাৰ প্রতিবাদত সন্থাই এই অনির্দিষ্টকালীন বন্ধ ঘোষণা কৰিছে। এই বন্ধৰ জৰিয়তে সন্থাই জি ভি কে ই এম আৰ আয়ে ‘সেৱা বিধি” শ্ৰম আয়ুক্তৰদ্বাৰা অনুমোদন কৰাৰ ক্ষিপ্ৰ ব্যৱস্থা কৰা, ১০৮ মৃত্যুঞ্জয় সেৱা চিৰস্থায়ী কৰাৰ লগতে এই সেৱাৰ লগত জড়িত কর্মচাৰীসকলক চৰকাৰী কর্মচাৰী হিচাপে ঘোষণা কৰা, কর্মচাৰীসকলে বিগত ৮ বছৰ প্রতিষ্ঠানটােৰ পৰা পাবলগীয়া পি এলৰ প্ৰাপ্য ধন তাৎক্ষণিকভাৱে মোকলাই দিয়াৰ ব্যৱস্থা কৰা, প্ৰতিখন ১০৮ মৃত্যুঞ্জয় এম্বুলেন্সে ২৪ ঘণ্টাই সেৱা প্রদান কৰিব পৰাকৈ তিনিজনকৈ ই এম টি আৰু তিনিজনকৈ চালক নিযুক্তি দিয়াৰ দাবী জনায়। 
Share on Google Plus

About Unknown

0 comments:

Post a Comment