কাজিৰঙাত নিৰীহ জনতাৰ ওপৰত নিৰাপত্তা বাহিনীয়ে বর্বৰ অত্যাচাৰ চলাই এগৰাকী মহিলাসহ দুজনকৈ লোকক গুলীয়াই হত্যা আৰু দহজনকৈ লোকক আহত কৰা ঘটনাক  সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়নৰ (আমছু) কেন্দ্রীয় সমিতিয়ে  তীব্র গৰিহণা  দিয়াৰ লগতে আজি ১০ ঘণ্টীয়া অসম বন্ধৰ আহ্বান দিছে। সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়নৰ (আমছু) কেন্দ্রীয় সমিতিয়ে ঘটনাটােক নিন্দনীয় আখ্যা দি ইয়াৰ প্রতিবাদত  ২০ ছেপ্টেম্বৰৰ পুৱা ৬ বজাৰ পৰা বিয়লি ৪ বজালৈকে অসম বন্ধৰ আহ্বান জনাইছে। সংগঠনটােৰ কেন্দ্রীয় সমিতিৰ সম্পাদক ফৰিদ ইছলাম হাজৰিকাই বন্ধ কাৰ্যসূচী সফল কৰি তুলিবলৈ সমূহ অসমবাসীক এক প্ৰেছ বিবৃতিযোগে আহ্বান জনাইছে।
Subscribe to:
Post Comments
                            (
                            Atom
                            )
                          
 
 
 
 
 
 
0 comments:
Post a Comment