জামাল হুছেইন (২৫) নামৰ বাংলাদেশৰ যুৱক এজনক গুৱাহাটী ৰে’লৱে ষ্টেচনত ৰে’ল আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । জামালৰ লগতে ত্ৰিপুৰাৰ ধৰ্মনগৰৰ মহম্মদ চালেক উদ্দিন (২৮) নামৰ যুৱকজনকে গ্রেপ্তাৰ কৰি সীমান্ত শাখাৰ আৰক্ষীক চমজাই দিয়ে। সম্প্রতি বাংলাদেশী জামাল হুছেইনে বাংলাদেশৰ দর্শনগৰত ঘৰ বুলি স্বীকাৰ কৰিছে। লগতে বাংলাদেশৰ আব্দুল বছি বুলি পৰিচিত জামালে দুমাহ পূর্বে চালেক উদ্দিনৰ সহযোগত ত্ৰিপুৰালৈ আহিছিল। চালেক উদ্দিনে ত্ৰিপুৰাত জামাল হুছেইনৰ নামত ভুৱা পিআৰচি, জন্মৰ প্ৰমাণ-পত্র, ড্রাইভিং লাইচেন্সকে ধৰি অন্যান্য নথিপত্ৰৰে জামালক ভাৰতীয় নাগৰিক হিচাপে দিছিল। ইয়াৰ পাছতে চালেক উদ্দিনে বাংগালুৰুৰ এটি ব্যক্তিগত ত জামালক ছিকিউৰিটী গার্ড হিচাপে নিযুক্তি দি সমুদায় ধন আত্মসাৎ কৰে। আজি গুৱাহাটীৰ পৰা দুয়াে ত্ৰিপুৰাৰ ধৰ্মনগৰলৈ যাবলৈ অহাৰ সময়তেই গুৱাহাটী ৰে’লৱে ষ্টেচনত নিয়মীয়া তালাচীত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়।
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment