অসম প্রকাশন পৰিষদ পুনৰ গঠন ;;প্রমোদ কলিতা নতুন সচিব





দীর্ঘদিন ধৰি সাহিত্য চৰ্চাৰ সমান্তৰালভাৱে ৰাজনৈতিক ভাষ্যকাৰ হিচাপে চর্চা অব্যাহত ৰখা সাহিত্যিক তথা চলচ্চিত্র সমালোচক প্রমোদ কলিতাক অসম প্রকাশন পৰিষদৰ সচিব নিযুক্তি দিয়া হৈছে । মাহেকীয়া আলোচনী ‘বিস্ময়’ৰ সহকাৰী সম্পাদক হিচাপে কৰ্মৰত প্রমোদ কলিতাই পৰিৱেশ সংৰক্ষণ, অসমৰ পুথিচিত্র আদিৰ বিষয়ত তেওঁ কেইবাখনাে তথ্যচিত্ৰ আৰু দূৰদৰ্শন ধাৰাবাহিক নির্মাণ কৰিছে। ইফালে, পৰিষদৰ উপ-সভাপতি নিযুক্তি হিচাপে দিয়া হৈছে সাহিত্যিক তথা “আমাৰ অসম’ কাকতৰ প্ৰাক্তন আৱাসিক সম্পাদক সুমন্ত চলিহাক। তদুপৰি ১১ সাহিত্যকৰ্মৰ সৈতে জড়িত ব্যক্তিক পৰিষদৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। এইসকল হ’ল ৰূপম বৰুৱা (সম্পাদক “সঁফুৰা’), গোবিন টাইড (সভাপতি, মিচিং সাহিত্য সভা), ডিম্বেশ্বৰ তাছা (সাহিত্যিক), অনুৰাধা শৰ্মা পূজাৰী (ঔপন্যাসিক, গল্পকাৰ, সাংবাদিক), দয়ানন্দ বুঢ়াগোহাঁই (অৱসৰপ্রাপ্ত অধ্যাপক, শিক্ষাবিদ), ইমৰান হুছেইন (সহযোগী অধ্যাপক, ছিপাঝাৰ কলেজ, ঔপন্যাসিক-গল্পকাৰ), অৰিন্দম বৰকটকী (সাহিত্য সমালোচক, সহযোগী অধ্যাপক, আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়, নগাঁও, প্রশান্ত চক্ৰৱতী (নিবন্ধকাৰ, অধ্যাপক কটন কলেজ), অৰূপ দত্ত (ঔপন্যাসিক, সাহিত্যিক), দিগন্ত ওজা (সাহিত্যিক, সাংবাদিক) আৰু ড° উপেন ৰাভা হাকাচাম (অধ্যাপক গুৱাহাটী বিশ্ববিদ্যালয়, অসমীয়া বিভাগ)। 

Share on Google Plus

About Unknown

0 comments:

Post a Comment