উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা হােজাই ৰে’ল ষ্টেচনত আয়োজিত এক কালি অনুষ্ঠানত কালি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অসমত প্ৰথমটাে দ্বৈত ৰে’লপথ নির্মাণৰ শুভাৰম্ভ ঘটায়। হােজাইৰ পৰা লামডিঙলৈ ৪৫ কিলোমিটাৰ দৈর্ঘ্যৰ এই দ্বৈত ৰে’লপথ নির্মাণৰ আধাৰশিলা কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্রীয় ৰে’ল ৰাজ্য মন্ত্রী ৰাজেন গোহাঁই। মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ভাষণ প্রসংগত কয় যে বর্তমান বিজেপি চৰকাৰখনে ৰে’ল বিভাগত এক নতুন যুগৰ সূচনা কৰিছে। চাৰিশ কোটি টকা ব্যয় সাপেক্ষে অসমৰ ভিতৰত হােজাই-লামডিং দ্বৈতকৰণৰ প্ৰকল্প প্রথম অৱস্থাত হাতত লোৱা হৈছে। দ্বিতীয় পর্যােয়ত হেজাইডিগাৰু আৰু তৃতীয় পর্যােয়ত বঙাইগাঁও-যোগীঘোপা ৰে’লপথ দ্বৈতকৰণ কৰাৰ লগতে লামডিং-শিলচৰ, লামডিং-বঙাইগাঁও, যোগীঘোপা-গুৱাহাটী ৰে’লপথ ক্ৰমান্বয়ে দ্বৈতকৰণ কৰা হ’ব। অহা অক্টোবৰ মাহত গোৱালপাৰা হৈ বঙাইগাঁও গুৱাহাটী আৰু ডিগাৰুৰ পৰা হােজাইলৈ দ্বৈত ৰে’ল পথ নির্মাণৰ আধাৰশিলা স্থাপনৰ উদ্যোগ লোৱা হৈছে। অসমত তিনি বছৰৰ ভিতৰত দ্বৈত ৰে’লপথ নির্মাণৰ কাম সম্পূর্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। কেন্দ্রীয় ৰে’ল ৰাজ্য মন্ত্রী ৰাজেন গোহাঁয়ে ভাষণ প্ৰসংগত নিউ জলপাইগুৰিৰ পৰা গুৱাহাটীলৈ বিদ্যুৎচালিক ৰে’লসেৱাৰ কাৰণে ২০০৮ চনত লোৱা ৩৫০ কোটি টকা পুঁজি বঢ়াই ৬৫০ কোটি টকা কৰাৰ প্ৰসংগ উত্থাপন কৰি ৰে’ল বিভাগ (নির্মাণ)ৰ মহাপ্রবন্ধকক ৰে’ল ষ্টেচনবােৰ আটকধুনীয়া কৰাৰ পৰামর্শ আগবঢ়ায়।
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment