অপহৃত কুলদীপ মৰাণক আলফাই মুক্তি দিলে:::

আলফা(স্বা:)য়ে অপহৰণ কৰা তিনিচুকীয়াৰ বিজেপি নেতা ৰত্নেশ্বৰ মৰাণৰ পুত্র কুলদীপ মৰাণক আজি মুক্তি দিছে। যোৱা এক আগষ্টত যুৱক জনক ৫ জন অস্ত্ৰধাৰী আলফা সদস্যই অপহৰণ কৰিছিল।পিছত এক ভিডিঅ যোগে যুৱকজনে অপহৰণৰ বিষয়টো জনাই তেওঁক মুক্তি কৰি নিবলৈ কাটৰ অনুৰোধ জনাইছিল । এইক্ষেত্ৰত যুৱকজনৰ উদ্ধাৰৰ বাবে আৰক্ষীয়ে বিভিন্ন অভিযান চলাইছিল যদিও সফল হব পৰা নাছিল । তাৰ বিপৰীতে যুৱক জনক আলফাই নিজেই আজি অৰুণাচলৰ নাংপোত মুক্তি দিয়াত স্বস্তিৰ নিশ্বা;স পেলাইছে পৰিয়ালৰ লোক সকলে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment