বজ্ৰপাত পৰি বৰপেটাৰোডত এজনৰ মৃত্যু :::

বৰপেটাৰোডত বজ্ৰপাত পৰি এজন যুৱকৰ মৃত্যু হৈছে। আক্ৰাছুৰ বৰপেটা জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ধনঞ্জয় বৰ্মন (২৮ বছৰ)ৰ আজি বজ্ৰপাত পৰি কৰুণ ভাৱে মৃত্যু হয়। বৰপেটাৰোডৰ সমীপৰ বাঁহবাৰীৰ ধৰ্মকান্ত বৰ্মন আৰু মিনতি বৰ্মনৰ পুত্ৰ ধনঞ্জয়ে দিনৰ ভাগত পথাৰলৈ যাওঁতে হঠাতে বজ্ৰপাত পৰাত তেওঁৰ এনেদৰে অকাল মৃত্যু হয়। তেখেতৰ মৃত্যুত অঞ্চলটোত এক শোকৰ ছাঁ পৰিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment