প্ৰৱঞ্চনাৰ অভিযোগত আচার্য পংকজ পাঠকক প্ৰৱঞ্চনাৰ অভিযোগত আটক-মুক্তি




প্ৰৱঞ্চনাৰ এক গোচৰত আচার্য পংকজ পাঠকক ঢকুৱাখনা আৰক্ষীয়ে কালি নাৰায়ণপুৰত আটক কৰে। ঢকুৱাখনাৰ আৰোহণ সংঘৰ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে ৰুজু কৰা গোচৰৰ ভিত্তিত কালি তেওঁক আটক কৰে। যোৱা ৮ ছেপ্টেম্বৰত আৰােহণ সংঘৰ দ্বাৰা আয়োজিত স্বাস্থ্য সজাগতা সভাত অংশগ্রহণ কৰাৰ কথা আছিল যদিও অন্তিম মুহুৰ্তত উপস্থিত নোহোৱাত আৰােহণে পাঠকৰ বিৰুদ্ধে গোচৰ তৰে । আনহাতে, পংকজ পাঠকে ধেমাজিৰ এখন সভাত চাৰি ঘণ্টা অতিবাহিত কৰি পথৰ দুৰৱস্থা আৰু গাড়ী বেয়া হােৱাৰ বাবে যাব নােৱাৰিলে বুলি মন্তব্য কৰে। তেওঁ যাতায়াতৰ বাবে লোৱা আগধন আৰােহণক ঘূৰাই দিয়া বুলি জনায়।অৱশ্যে নিশাৰ ভাগত ঢকুৱাখনা আৰক্ষীয়ে পংকজ পাঠকক মুকলি কৰি দিয়ে।


Share on Google Plus

About Unknown

0 comments:

Post a Comment