তিনিটা চিমেণ্ট কোম্পানীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ পঞ্জীয়ন


আছাম ৰিয়েল ইষ্টেট এণ্ড ইনফ্রাছট্রাকচাৰ ডেভেলপাৰ্ছ এছ'চিয়েচন চমুকৈ এৰিডাই খেয়ালখুচিমতে চিমেণ্টৰ দাম বৃদ্ধি কৰাক লৈ তিনিটা চিমেণ্ট কোম্পানীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ পঞ্জীয়ন কৰিছে কম্পিটিচিন কমিছন অব ইণ্ডিয়াই।
Despite demand growth and operating rates following a downward.

এৰিডাৰ সভাপতি পি কে শৰ্মাই জনোৱামতে গ্রাহকবিৰোধী পদক্ষেপেৰে ষ্টাৰ, টপচেম আৰু ডালমিয়া নামৰ চিমেণ্ট কোম্পানী তিনিটাই দাম বৃদ্ধি কৰিছিল। যাৰ বাবে কোম্পানীকেইটাৰ বিৰুদ্ধে এৰিডাই গোচৰ ৰুজু কৰে। কম্পিটিচিন এক্টৰ ৩ আৰু ৪ ধাৰাৰ অধীনত ৯৯/২০১৬ নম্বৰত এই গোচৰ ৰুজু হােৱা কৰা হৈছে । উল্লেখযোগ্য যে উপৰোক্ত চিমেণ্ট কোম্পানী তিনিটাই গ্ৰাহকৰ স্বার্থক জলাঞ্জলি দি সম্পূৰ্ণ স্বৈৰাচাৰীভাৱে দাম বৃদ্ধি কৰি গ্ৰাহকক মাধ্যমাৰ শোধাই আহিছে। কোম্পানী তিনিটাৰ উৎপাদিত চিমেণ্ট গুৱাহাটীৰ পৰা প্রায় পাঁচশ কিলোমিটাৰ দূৰত্বৰ শিলিগুৰিত গুৱাহাটীৰ তুলনাত ১১০ টকা কমত পোৱা যায়। আনহাতে দহটাতকৈ দিশত ৰাজসাহায্য উপভোগ কৰি অহাৰ পিচতে কোম্পানীকেইটাই অযুক্তিকৰভাৱে দাম বৃদ্ধি কৰিছিল বুলি এৰিডাই মন্তব্য কৰে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment