আজি গুৱাহাটীৰ আদালতত হাজিৰ হ’ব ৰাহুল গান্ধী




কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, চমুকৈ - আৰ এছ এছয়ে তৰা এটা গোচৰৰ সন্দৰ্ভত তেওঁ আজি  গুৱাহাটীৰ আদালতত হাজিৰ হ’ব। আজি পুৱা প্রায় ৯ বজাত বিমানযোগে দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হ’ব লগা ৰাহুল গান্ধীয়ে বিমানবন্দৰৰ পৰা পোনে পোনে কামৰূপ ন্যায়িক দণ্ডাধীশৰ আদালতলৈ আহিব। মন কৰিবলগীয়া যে বিগত বৰ্ষৰ ১২ ডিচেম্বৰত এক পদযাত্ৰাত ভাগ লোৱাৰ উদ্দেশ্যে বৰপেটালৈ অহা ৰাহুল গান্ধীয়ে বৰপেটা সত্ৰত প্ৰৱেশ কৰাৰ কথা আছিল যদিও প্রথমে সত্ৰত প্ৰৱেশ নকৰি পদযাত্ৰাত ভাগ লয়। ৰাহুলৰ এনে কার্যত সৃষ্টি হােৱা প্রতিক্রিয়াৰ পাছত কংগ্ৰেছ উপ-সভাপতিগৰাকী দিল্লীলৈ উভতি গৈ তেওঁক সত্ৰত প্ৰৱেশ কৰাত আৰ এছ.এছে বাধা প্রদান কৰা বুলি অভিযোগ কৰিছিল। উক্ত অভিযোগক ভিত্তিহীন বুলি অভিহিত কৰি আৰ এছ এছৰ এগৰাকী স্বেচ্ছাসেৱক অঞ্জন বৰাই কামৰূপ ন্যায়িক দণ্ডাধীশৰ আদালতত এটা মানহানি গোচৰ ৰুজু কৰে। অঞ্জন বৰাই দাখিল কৰা গোচৰত ইয়াকো উল্লেখ কৰে যে ১২ ডিচেম্বৰৰ দিনা ৰাহুল গান্ধীয়ে বৰপেটা সত্ৰত প্ৰৱেশ কৰিব বুলিয়ে তেওঁক চাবলৈ সত্ৰাধিকাৰৰ লগতে বহু পুৰুষ-মহিলা সত্ৰৰ সন্মুখত ৰৈ আছিল। কিন্তু ৰাহুল গান্ধী সত্ৰলৈ নগ’ল। ইয়াৰ ফলত সৃষ্টি হােৱা প্রতিক্রিয়াৰ পৰা হাত সাৰিবলৈ ৰাষ্ট্র নির্মাণত জড়িত আৰ এছ এছৰ ভাবমূর্তিত চেকা লগাবলৈ এই ধৰণৰ মন্তব্য কৰে। ৰাহুল গান্ধীয়ে। কংগ্ৰেছ নেতাজনক চাবলৈ সত্ৰৰ বাহিৰত মহিলাহে আছিল, আৰ এছ এছৰ কোনো স্বেচ্ছাসেৱক নাছিল বুলিও অঞ্জন বৰাই তেওঁ দাখিল কৰা অভিযোগত উল্লেখ কৰিছিল। উল্লেখ্য যে কাইলৈ আদালতে ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ সন্দৰ্ভত তেওঁক অৱগত কৰাৰ লগতে গোচৰটাে সন্দৰ্ভত ব্যক্তিগত জামিন প্রদান কৰাৰ সম্ভাৱনা আছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment