অসম সস্তান ৰেৱতী ছেত্ৰীয়ে খিতাপ জিনিলে ছেনেৰিটা মিছ ইণ্টাৰনেচনেল ইণ্ডিয়া, ২০১৬ৰ খিতাপ


ছেনেৰিটা মিছ ইণ্টাৰনেচনেল ইণ্ডিয়া, ২০১৬ৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছে অসম সস্তান গোর্খালী গাভৰু ৰেৱতী ছেত্ৰীয়েবাবুৰাম ছেত্ৰী আৰু বীণা ছেত্ৰীৰ কন্যা ২৩ বছৰীয়া ৰেৱতী এগৰাকী ছুপাৰ মডেল আৰু অভিনেত্রী। প্রতিযোগিতাখনৰ প্ৰথম সংস্কৰণত বিজয়ীৰ খিতাপ লাভ কৰা ৰেৱতী ছেত্ৰীয়ে অহা মাহত জাপানৰ টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া মিছ ইণ্টাৰনেচনেল, ২০১৬ৰ সুন্দৰী প্রতিযোগিতাত ভাৰতক প্রতিনিধিত্ব কৰিব। অসমৰ পাহাৰীয়া অঞ্চল হাফলঙত জন্মগ্রহণ কৰা ৰেৱতী ছেত্ৰীয়ে হাফলঙতে ছেইণ্ট এগনেছ কনভেণ্ট হাইস্কুলত শিক্ষা সমাপ্ত কৰাৰ পাছত লামডিং কলেজৰ পৰা বাণিজ্যত স্নাতক ডিগ্ৰী লাভ কৰে।। ২০১৫ চনত ফেমিনা মিছ ইণ্ডিয়াৰ ফাইনেলৰ শীর্ষ ১০ত স্থান লাভ কৰা ৰেৱতী ছেত্ৰীয়ে মিছ ইণ্ডিয়া মিছ পপুলাৰ, মিছ মাল্টি মিডিয়া খিতাপ লাভ কৰাৰ লগতে চীনৰ বেইজিঙত অনুষ্ঠিত ৱল্ড মিছ ইউনিভাৰ্ছিটীি, ২০১৬ প্রতিযোগিতাত ভাৰতক প্রতিনিধিত্ব কৰি মিছ এছিয়া ইউনিভাছিটাৰ খিতাপ জয় লাভ কৰিবলৈ সক্ষম হয়। অভিনেত্রী হিচাপে ৰূপক গগৈৰ পৰিচালনাত, সঞ্জীৱ নাৰায়ণ আৰু কেনি লিংডো তালাঙৰ সহঃ প্রযোজনাত নির্মিত হিন্দী চলচ্চিত্র 'গেংছ অৱ নৰ্থ-ইষ্ট’ত ৰেৱতী ছেত্ৰীয়ে আত্মপ্রকাশ কৰে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment