শ্বহীদ কুশল কোঁৱৰ তোৰণ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে :: মুক্তি যোদ্ধা সকলক সম্বৰ্ধনা

মুখ্যমন্ত্ৰী সোণোৱালে আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত, জি.এম.ডি.এৰ দ্বাৰা নেহৰু পাৰ্কত, নৱনিৰ্মিত 'শ্বহিদ কুশল কোঁৱৰ তোৰণ' শুভ উদ্বোধনী অনুষ্ঠানত অংশ লয়।

শ্বহীদ কুশল কোঁৱৰ, যিগৰাকী মহান ব্যক্তিৰ ত্যাগে ভাৰত ৰাষ্ট্ৰক বিশ্বৰ বুকুত এক শুকীয়া স্থান প্ৰদান কৰিছে, সেই মহান ব্যক্তি গৰাকীৰ স্মৃতি চিৰযুগমীয়া কৰি তোলাৰ লগতে উঠি অহা নৱ-প্ৰজন্মক তেখেতৰ কৰ্ম আৰু ত্যাগ সমূহৰ জ্ঞান দিবৰ বাবে এই 'শ্বহিদ কুশল কোঁৱৰ তোৰণ সাজি উলিওৱা হৈছে । এই তোৰণ খনিয়ে প্ৰতি মুহুৰ্ততে উঠি অহা প্ৰজন্মক কুশল কোঁৱৰৰ বিষয়ে জানিবলৈ সক্ষম কৰি তুলিব ।

ভাল কামৰ মৃত্যু নাই । মানুহৰ মৃত্যু হয় কিন্তু তেখেতৰ ভাল কাম সদায় চিৰস্মৰনীয় হৈ ৰয় । শ্বহীদ কুশল কোঁৱৰেও তেনে এক চানেকি দাঙি ধৰিছিলে তেখেতৰ কৰ্ম আৰু ত্যাগৰ জৰিয়তে ।

এই অনুষ্ঠানতে শ্বহীদ কুশল কোঁৱৰৰ জীৱনভিত্তিক এখন পুস্তিকা উন্মোচন কৰাৰ লগতে স্বাধীনতা আন্দোলনৰ মুক্তিযোদ্ধা সকলকো সম্বৰ্ধনা জনোৱা হয় |

Share on Google Plus

About Unknown

0 comments:

Post a Comment