কেৰালাত ৰে’ল দুর্ঘটনা ;; কোনো লোক হতাহত হােৱা নাই



আজি পুৱতি নিশা কেৰালাত এখন ৰে’লৰ ১২টা দবা বাগৰি পৰে। অৱশ্যে এই দুর্ঘটনাটােতহােৱা কোনো লোক হতাহত হােৱা নাই বুলি বাতৰিত প্রকাশ। দক্ষিণাত্য ৰে’লৱে বিভাগৰ সূত্রই প্রকাশ কৰা অনুসৰি আজি পুৱতি নিশা প্রায় ৩ বজাত কেৰালাৰ এনকুলাম জিলাৰ কাৰুকুট্টি ষ্টেচনৰ সমীপত তিৰুৱানন্তপুৰমমাংগালোৰ ১৬৩৪৭ এক্সপ্ৰেছ ৰে’লখনৰ ১২টা দবা লাইনচ্যুত হয়। দক্ষিণাত্য ৰে’লৱেৰ মুখপাত্রই জনোৱা অনুসৰি এর্নাকুলাম জিলাৰ কাৰুকুট্টি ষ্টেচন আৰু আলুভাৰ মাজৰ অংশত এই দুর্ঘটনাটাে সংঘটিত হয়। এই দুর্ঘটনাটাে সংঘটিত হােৱাৰ পিছত ১২টা দবা লাইনচ্যুত হয়। দক্ষিণাত্য ৰে’লৱেৰ মুখপাত্রই জনোৱা অনুসৰি এর্নাকুলাম জিলাৰ কাৰুকুট্টি ষ্টেচন আৰু আলুভাৰ মাজৰ অংশত এই দুর্ঘটনাটাে সংঘটিত হয়। এই দুর্ঘটনাটাে সংঘটিত হােৱাৰ পিছত এই ৰে’ল লাইনটােৰে প্ৰায় ৬-১০ ঘণ্টা পর্যন্ত ৰে’ল চলাচল বন্ধ হৈ থাকে। এক্সপ্ৰেছ ৰেলখনে তিৰুৱানন্তপুৰমৰ পৰা মাংগালোৰলৈ যাত্ৰা কৰিছিল।

Share on Google Plus

About Unknown

0 comments:

Post a Comment