আমাৰ মোবাইলবোৰলৈ দৈনিক অজস্ৰ SMS আহি থাকে ৷ মোবাইল কোম্পানী, বেংক, অনলাইন শ্বপিং কোম্পানী, ছচিয়েল নেটৱৰ্কিং চাইট আদি অনুষ্ঠান প্ৰতিষ্ঠানবোৰৰ এনে মেছেজবোৰ আহি থাকোতে আমি প্ৰায়ে লক্ষ্য কৰো যে এই মেছেজবোৰত VM-Amazon/ VK-VFCARE/ TD-INDMRT /DM-622033 / DD-600006 আদি কিছুমান কথা সংক্ষেপে লিখা আহে ৷ পিছে এই VM,VK,TD,DM,DD আদিবোৰ কি বাৰু ? এইবোৰ হ'ল এছ এম এছ প্ৰেৰণ কৰা মোবাইল প্ৰতিষ্ঠানটো আৰু প্ৰেৰণ কৰা ঠাইবোৰৰ সংক্ষিপ্ত চিহ্ন ৷ ভাৰতৰ প্ৰতিটো মোবাইল সেৱা কোম্পানীৰ এটা নিজা কোড থাকে আৰু প্ৰতিটো মোবাইল সেৱা চাৰ্ক'লৰো এটা নিজস্ব কোড থাকে ৷ যেতিয়া কোনো এক প্ৰতিষ্ঠানৰ পৰা এটা SMS আহে তেতিয়া VM,TD,VK আদি আখৰবোৰৰ প্ৰথম আখৰটো হয় মোবাইল সেৱা কোম্পানীটোৰ কোড আৰু দ্বিতীয় আখৰটো হয় মোবাইল সেৱা চাৰ্ক'লৰ কোড ৷ এই কোডবোৰ তলত দিয়া হ'ল :
★ মোবাইল সেৱা প্ৰতিষ্ঠানৰ কোড: -
Code Service Provider
--------- ----------------------------
A Airtel.
D Aircel, Dishnet wireless.
B Bsnl.
L BPL Mobile/Loop Telecom
C Datacom Solutions.
H HFCL Infotel.
I Idea Cellular.
M MTNL.
R Reliance Communications
E Reliance Telecom.
S S tel.
Y Shyam Telecom.
P Spice Telecom.
W Swan Telecom.
T Tata Teleservices.
U Unitech.
V Vodafone.
★ মোবাইল সেৱা চাৰ্ক'ল কোড: -
Code Service Area
--------- ----------------------------
A Andhra Pradesh.
S Assam.
B Bihar.
D Delhi.
G Gujrat.
H Haryana.
I Himachal Pradesh.
J Jammu & Kashmir.
X Karnataka.
L Kerala.
K Kolkata.
Y Madhya Pradesh.
Z Maharastra.
M Mumbai.
N North East.
O Orissa.
P Punjab.
R Rajasthan.
T Tamil Nadu.
E U.P. East.
W U.P. West.
V West Bengal.
গতিকে আপোনাৰ SMS ত যদি VK লিখা আহিছে তেন্তে সেয়া আহিছে ভোডাফোন(V) কোলকাটা(K) চাৰ্ক'লৰ পৰা ৷ তেনেকৈ IM মানে Idea cellular মুম্বাই, BD মানে BSNL দিল্লী নাইবা DK মানে Aircel কোলকাটা চাৰ্ক'ল হব ৷
( যুগুতালে:: অলকেশ ভাগৱতী, গুৱাহাটী)
0 comments:
Post a Comment