এইবাৰ ভাৰতবৰ্ষৰ ৭০তম্ স্বাধীনতা দিৱস, তিনিদিনীয়া কাৰ্যসুচীৰে ৰাজ্য চৰকাৰে, অসমৰ ৰাইজৰ সহযোগত পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল । সেই অনুযায়ী ৰাজ্য চৰকাৰে যোৱা ১৩ আগষ্ট, ২০১৬ তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছিল । এই তিনিদিনীয়া কাৰ্যসূচীক সফল কৰাৰ বাবে অসমৰ বৰাক ব্ৰক্ষ্মপুত্ৰ, পাহাৰ ভৈয়ামৰ বৃহত্তৰ অসমীয়া সমাজখনে যেনেধৰণে স্বতঃস্ফুৰ্ত সহাৰি আগবঢ়ালে তাৰ বাবে আমি অসমবাসী ৰাইজক গভীৰ কৃতজ্ঞতা জ্ঞাপ্ন কৰিছো ।
সন্ত্ৰাসবাদৰ বিভিন্ন বাধা নেওচি, সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমগ্ৰ ৰাইজে স্বতঃস্ফুৰ্ত ভাৱে ওলাই আহি, স্বাধীনতা দিৱস সফল কৰি তুলিলে । এই কথাই প্ৰমাণ কৰিলে যে বৃহত্তৰ অসমীয়া ৰাইজে শান্তি, সমন্বয় আৰু প্ৰগতি বিচাৰে ।
জয় আই অসম!
জয় হিন্দ!!
0 comments:
Post a Comment