শিল্পী ঈশ্বৰ প্ৰদত্ত । হওঁ বুলিয়েই শিল্পী হব নোৱাৰি । অসমৰ জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ বাতাবৰণ সৃষ্টিৰে সমাজখনক আগুৱাই লৈ অহাৰ ক্ষেত্রত শিল্পীৰ ভূমিকা অপৰিসীম । তাৰবাবে তেখেতসকলৰ প্ৰতিও আমাৰ দায়িত্ব আছে । অসম চৰকাৰে তেখেতসকলৰ আৰ্থিক আৰু সামাজিক সুৰক্ষাৰ প্ৰতি সদায় দায়বদ্ধ হৈ থাকিব । ৰাজ্যখনৰ চুকে-কোনে অসংখ্য প্ৰতিভা সিঁচৰিত হৈ আছে । সকলোকে মঞ্চ প্ৰদান কৰি আগুৱাই আনিব লাগিব । ইতিমধ্যে বহুতেই দেশ বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিছে । চিনেমা উদ্যোগৰ আন্তঃগাঠনি সূদৃঢ় কৰি দেশৰ ভিতৰতে উচ্চস্তৰীয় চিনেমা নিৰ্মাণৰ প্ৰয়াস কৰা হব । আজি জ্যোতি চিত্ৰবনত চলচিত্ৰ সমাজ, অসমৰ দ্বিতীয় সাধাৰণ সভা আৰু সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি বহুতো শিল্পীৰ লগত মত-বিনিময় কৰি এই কথা ব্যক্ত কৰে মুখ্যমন্ত্ৰী সোণোৱালে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment