ভূপেনদাই ১৯৬৫ চনত বৰষুণৰ বতৰত এদিন চিলংত এখন হোটেলৰ কোঠাত চন্দ্ৰ ফুকন আৰু কৰুণা ভট্টাচাৰ্যৰ সৈতে আদ্দাৰ মাজতে মেজত পৰিথকা পুৰণি লেফাফা এটাত কলমেৰে কিবা এটা লিখিবলৈ ধৰিলে । লিখাৰ পিছত লেফাফাটো চন্দ্ৰ ফুকনলৈ আগবঢ়াই দি কলে " আপুনি চাই যাওক মই গাই যাওঁ , এই গীতটো আপোনাৰ বাবে গাওঁ " । লেফাফাটোত প্ৰথমে লিখিলে " আপুনি হাহঁক নিজৰ কাৰণে পৰৰ কাৰণে আৰু মোৰ কাৰণে হাহঁক "। তাৰ পিছতে লিখিলে এই গীতটি আৰু তাতেই গুণ-গুণাই লৈ গাবলৈ আৰম্ভ কৰে ----
* * * * * * * * *
যদি জীৱনে কান্দে নাই নাই বুলি
যদি দুখতে উৰে ধৰণীৰ ধুলি
নিৰাশাই আশাবোৰ ভাঙিব খুজিলে
মই গোৱা গীতটি গাবা ।
এটি বগলী যদি অকলে অকলে
উৰি উৰি যোৱা দেখা সাগৰৰ ফালে
বিৰাটৰ সৰুক্ষণে ভৰাই তুলিলে
মই ৰচা গীতটি পঢ়িবা ।
উৰি উৰি যোৱা দেখা সাগৰৰ ফালে
বিৰাটৰ সৰুক্ষণে ভৰাই তুলিলে
মই ৰচা গীতটি পঢ়িবা ।
বিচৰাটো যদি তুমি এবাৰো নোপোৱা
নিবিচৰাটিকে যদি বহুবাৰ পোৱা
বিচৰাটি ভাবি গুণি কান্দিব খুজিলে
মই হঁহা হাঁহিটি হাঁহিবা ।
নিবিচৰাটিকে যদি বহুবাৰ পোৱা
বিচৰাটি ভাবি গুণি কান্দিব খুজিলে
মই হঁহা হাঁহিটি হাঁহিবা ।
বহুতৰে বহু বুকু ভঙা ভঙা দেখোঁ
সেয়েহে আশাৰে ভৰা গীতবোৰ লিখো
ভুলতেই যদি তুমি এন্ধাৰকে পোৱা
কাঁইটকে শেৱালিৰে পাহি বুলি লোৱা
তোমাৰ তেজেৰে বাট ৰঙা ৰঙা হ'লে
মই দিয়া সুৰেৰে মচিবা ॥
যুগুতালে::: বিজয় বৰ্মন, বৰপেটাৰোড।
সেয়েহে আশাৰে ভৰা গীতবোৰ লিখো
ভুলতেই যদি তুমি এন্ধাৰকে পোৱা
কাঁইটকে শেৱালিৰে পাহি বুলি লোৱা
তোমাৰ তেজেৰে বাট ৰঙা ৰঙা হ'লে
মই দিয়া সুৰেৰে মচিবা ॥
যুগুতালে::: বিজয় বৰ্মন, বৰপেটাৰোড।
0 comments:
Post a Comment