অগ্নি গৰ্ভা ৰহা:: বন্ধু সৰ্বাত্মক::জনৰোসৰ বলি মন্ত্ৰী - বিধায়ক

মধ্য অসমৰ ৰহাত এইমছ স্থাপনৰ দাবীত চলা আন্দোলনে কালিও উত্তপ্ত কৰি ৰাখে সমগ্র ৰহা অঞ্চলক। আৰক্ষীৰ গুলীত নিহত ২৭ বছৰীয়া যুৱক মিন্টু দেউৰীক ইতিমধ্যে শ্বহীদ ঘোষণা কৰি তেওঁৰ মৃত্যুৰ প্ৰতিবাদত কালি আন্দোলনকাৰী সকলে ৰহা বন্ধ দিছিল। অসম চৰকাৰৰ প্ৰতিনিধি হিচাবে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নেতৃত্বত সাত জনীয়া প্ৰতিনিধি দল এটি ৰহাত উপস্থিত হওতে জন ৰোষৰ বলি হব লগাত পৰিব লগা হয়। উত্তেজিত ৰাইজে প্ৰতিনিধি দলটোক বিভিন্ন কটু বাক্য শুনোৱাৰ লগতে বিধায়ক পীয়ুষ হাজৰিকাৰ গাড়ীখনৰ ক্ষতি সাধন কৰে। প্ৰতিনিধি দলটোৱে মিন্টু দেউৰীৰ পত্নীক ৫ লাখ টকাৰ এক কালীন সাহায্য দিয়াৰ লগতে তেওঁক সাত দিনৰ ভিতৰত এটি চাকৰী দিব বুলি ঘোষণা কৰে। প্ৰতিনিধি দলটোৰ প্ৰতিশ্ৰুতি , আশ্বাস আৰু প্ৰশাসনৰ লগত হোৱা আলোচনাৰ অন্তত আন্দোলনকাৰী সকলে সাময়িক ভাৱে আন্দোলন স্থগিত ৰাখিছে ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment