বিধান সভাৰ অধ্যক্ষ ৰনজিৎ দাস পৰিদৰ্শন কৰিলে মানাহৰ নাৰায়ণগুৰী


বেঁকী নৈৰ বাঢ়নী পানী আৰু গৰাখহনীয়াই বিভীষিকাৰ সৃষ্টি কৰা মানাহ ৰাষ্ট্রীয় উদ্যানৰ দুৱাৰমুখ স্বৰূপ নাৰায়ণগুৰী আজি পৰিদৰ্শন কৰে চৰকাৰৰ উচ্চ পৰ্যায়ৰ এটি দলে। অসম বিধান সভাৰ অধ্যক্ষ ৰনজিৎ কুমাৰ দাস, বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, বিটিচিৰ ইএম আনচুমি খুংগুৰ বড়ো, এম চি এল এ গৌতম দাস, বাগছাৰ আৰক্ষী অধীক্ষক , বৰপেটাৰোড পৌৰ সভাৰ সভানেত্ৰী সবিতা দেৱনাথ আৰু বিষয়া বৰ্গৰে গঠিত দলটিয়ে নাৰায়ণগুৰী, দক্ষিণ বাৰাপেটা আদি বান বিধস্থ অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। দলটিয়ে গৰাখহনীয়া আৰু বানপানী সমস্যাৰ স্থায়ী সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰি বাৰিষাৰ পিছত এই সম্পৰ্কত কাম কৰাৰ আশ্বাস দিয়ে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment