দোষ মুক্ত হল চালমান খান::: হৰিণা হত্যা গোচৰ সম্পৰ্কত আদালতৰ গুৰুত্বপূৰ্ণ ৰায়

বলিউদৰ জনপ্ৰিয় অভিনেতা চালমান খানক ৰাজস্থানৰ যোধপুৰৰ আদালতে বিগত ১৯৯৮ চনৰ পৰা চলি থকা হৰিণা হত্যাৰ গোচৰত নিৰ্দোষী বুলি আজি এক গুৰুত্বপূৰ্ণ ৰায় দিছে । আদালতে ৰায়ত উল্লেখ কৰিছে যে যিবোৰ গুলী মৃত হৰিণাৰ পৰা উদ্ধাৰ হৈছে সেয়া চালমানৰ পিষ্টলৰ গুলী নাছিল । উল্লেখ্য যে চালমান আৰু তেওঁৰ সহযোগীয়ে বিগত ১৯৯৮ চনত ৰাজস্থানত চিনেমাৰ চুটিং কৰিব যাওঁতে চিংকাৰা প্ৰজাতিৰ হৰিণা হত্যা কৰা বুলি অভিযোগ উঠিছিল । ৰাজস্থান চৰকাৰে বন্য প্ৰাণী সংৰক্ষণ আইনৰ অধীনত অভিনেতা গৰাকীৰ বিৰুদ্ধে দুটাকৈ গোচৰ চি জি এম কোৰ্টত তৰিছিল।  চিজিএম কোৰ্টে চালমানক দোষী সাব্যস্ত কৰি এটা গোচৰত এবছৰ আৰু অইনটো গোচৰত পাচ বছৰ কাৰাদণ্ড বিহিছিল। যাৰবাবে তেওঁ এসপ্তাহ জেল থাকি জামিনত  মুক্তি লাভ কৰি এই ৰায়ৰ বিৰুদ্ধে যোধপুৰৰ উচ্চ ন্যায়ালয়ত আপীল কৰিছিল । আজি তাৰে ভিত্তিতে নিৰ্মল জিৎ কৌৰৰ আদালতে চালমানক নিৰ্দোষী বুলি ৰায় দিছে ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment