ভাৰত পাকিস্তানৰ সীমান্তৱৰ্তী এলেকা কাশ্মীৰৰ কাৰ্গিলত শ্বহীদ হোৱা বীৰ জোৱান সকলক আজি ভাৰতবৰ্ষই শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। উল্লেখ্য যে বিগত ১৯৯৯ চনৰ মে মাহৰ পৰা জুলাই মাহলৈ ভাৰত আৰু পাকিস্তানৰ মাজত চলা যুদ্ধত ৫২৭ জন সেনা শ্বহীদ হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি নিবেদন কৰি তেওঁলোকৰ দেশ প্ৰেমক ভাৰতবৰ্ষই সদায় শ্ৰদ্ধাৰে সোঁৱৰিব বুলি মন্তব্য কৰে। প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকৰ, সেনাধক্ষ্য বলবীৰ সিং সুহাগেও শ্ৰদ্ধাঞ্জলি নিবেদন কৰি তেওঁলোকৰ প্ৰাণ আহুতিক শ্ৰদ্ধাৰে স্মৰণ কৰে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment