ভাৰত- ভূটান সীমান্তৱৰ্তী বাগছা জিলাৰ দাওধাৰাত ১২৭ এ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত কৰ্ণেল বসুমতাৰী আৰু ভূদেৱ বসুমতাৰী নামৰ দুজন লোকৰ থিতাতে মৃত্যু হোৱাত অঞ্চলটোক এক শোকৰ ছাঁ পৰিছে। ভূটান দিশৰ পৰা অহা AS-15/2544 নম্বৰৰ চেন্ট্ৰ' গাড়ীখনৰ বিপৰীত দিশৰ পৰা অহা অইন এখন ডাম্পাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয়।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment