বাংলাদেশীত ওলাইছে অবৈধ বিদেশী । এই বিষয়টি বৰ্তমান বাংলাদেশীত চৰ্চিত হোৱাই নহয়, সংসদটো চৰ্চিত হৈছে। এই সম্পৰ্কত সংসদত বক্তব্য ৰাখি গৃহ মন্ত্ৰী আছাদুজ্জামান খানে কয়-- বাংলাদেশত থকা অবৈধ বিদেশী চিনাক্তকৰণৰ বাবে বিশেষ অভিযান অব্যাহত ৰখা হৈছে । আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চৰ হাতত অবৈধ নাগৰিকৰ তালিকা মজুত আছে। কোনো বিদেশী লোকে যাতে চৰকাৰী চাকৰি কৰিব নোৱাৰে তাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হয়। ইমিগ্ৰেচন ডাটাবেছ অনুসৰি বৰ্তমান বাংলাদেশত ১,১১,৫৭৫ জন বিদেশী আছে। তাৰ ভিতৰত ২০,৬৫৫ জন ভাৰতীয় বিদেশী । তেওঁ লগতে আৰু কয়-- ভাৰত আৰু বাংলাদেশৰ মাজত থকা ভিছা চুক্তি অনুসৰি টুৰিষ্ট ভিছা এবছৰ আৰু ব্যৱসায়িক ভিছা সৰ্বোচ্ছ পাছ বছৰৰ বাবে প্ৰদানৰ ব্যৱস্থা আছে। এইলৈ আলোচনা অব্যাহত আছে। অতি শীঘ্ৰে গুৱাহাটীত এটি সহকাৰী উচ্চ আয়ুক্তৰ কাৰ্যালয় স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment