ঘোচখোৰ সকলৰ বিৰুদ্ধে হুংকাৰ মুখ্যমন্ত্রী সোণোৱালৰ

সোণোৱাল চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ জিলা পৰিষদ সমূহৰ মূখ্য কাৰ্যবাহী বিষয়া, ডি আৰ ডি এৰ প্ৰকল্প সঞ্চালক আৰু বি ডি অ সকলৰ লগত কালি হোৱা এক মত বিনিময় অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰি কয়--- দুৰ্নীতিৰ সৈতে কোনো ধৰণৰ আপোচ কৰা নহব। কোনো চৰকাৰী বিষয়া দুৰ্নীতিত লিপ্ত হলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব। দুৰ্নীতিৰ ক্ষেত্রত আমি অসহিষ্ঞু নীতি চলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে কাৰ্য্যালয়ত একোটি কৈ অভিযোগ বাকচ ৰাখিবলৈ নিৰ্দেশ দিয়ে। আনহাতে ৰাইজকো কোনো উৎকোচ নিদিবলৈ আহ্বান জনায়। উৎকোচ লোৱাটো যিমান অপৰাধ, উৎকোচ দিয়াটো সিমানে অপৰাধ বুলি লিখি ডাঙৰ ডাঙৰ হোৰ্ডিং আৰি দিবলৈ আন এক নিৰ্দেশনা দিয়ে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment