উত্তৰ প্ৰদেশৰ চোলেংগঞ্জ জিলাৰ জুহী অঞ্চলত সাত জনকৈ যুৱকৰ চেলফি উঠাক কেন্দ্ৰ কৰি গঙ্গা নদীৰ পানীত পৰি অকাল মৃত্যু হয়। প্ৰাপ্ত খবৰ মতে, শিৱম নামৰ যুৱক এজনে কালি গঙ্গা নদীত গা ধুই থাকোতে চেলফি উঠিব ধৰোতে ভাৰসম্য হেৰুৱাই পানী পৰি উটি যায়। তাকে দেখি মাচুদ নামৰ বন্ধু এজনে শিৱমক বচাবলৈ চেষ্টা কৰোতে পানী তীব্ৰ সোতে তেওঁকো উটুৱাই নিয়ে। তাকে দেখি অইন পাচ গৰাকী যুৱকে জাপ দি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰোতে আটাই কেইজনকে গঙ্গা নদীৰ কোবাল সোতে উটুৱাই নিয়াত আটাই কেইজনৰে মৃত্যু হয়। বন্ধুক বচাবলৈ গৈ এজনৰ পিছত এজনকৈ প্ৰাণ হেৰুৱা বন্ধু কেই গৰাকী হৈছে---শিৱম (১৯), শচীন গুপ্তা(২১), ভোলু তেৱাৰী(২০), ৰোহিত(২০), মাচুদ(৩১), ভোলা (১৬) আৰু সত্যম(২৪)।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment