অসমবাসীয়ে অহা ২০১৮ চনৰ পূৰ্বে ২৪ ঘণ্টাই বিদ্যুত সেৱা পোৱাৰ আশা নাই৷কালি এই কথা নিশ্চিত কৰিছে ৰাজ্যৰ শক্তিমন্ত্ৰী পদ্মলোচন দাসে৷ বিভিন্ন কাৰিকৰী কাৰণত এয়া এতিয়া সম্ভৱ নহয় বুলি তেওঁ জানিবলৈ দিছে৷ বৰ্তমান পিক আৱাৰত ১৫০০ মেগাৱাট আৰু অফ পিক আৱাৰত ১০০০ মেগাৱাট বিদ্যুতৰ প্ৰয়োজন৷ বৰ্তমান পুৰণি তাৰবোৰ বদলি কৰি নতুন তাৰৰ ব্যৱস্থা কৰি থকাৰ বাবে সময়ে সময়ে বিদ্যুত যোগান ব্যহত হয়৷ মন্ত্ৰী দাসৰ মতে কাৰিকৰী অসুবিধাবোৰ সমাধান কৰি সোনকাল মানসম্পন্ন বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰা হব৷ সম্প্ৰতি ৰাজ্যখনৰ নিজস্ব উৎপাদন মাত্ৰ ২৫০ মেগাৱাট৷ অহা ৫ বছৰত ৭২০ মেগাৱাটলৈ বৃদ্ধি কৰা হব৷ বাকী প্ৰয়োজনীয়খিনি কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি অনাৰ ব্যৱস্থা কৰা হব৷ এই কামখিনি অহা ২০১৮ চনৰ ভিতৰত সম্পূৰ্ণ কৰা হব৷
0 comments:
Post a Comment