গড় হত্যাত জড়িত বিতৰ্কিত মহৎ তালুকদাৰ

অলপতে গ্ৰেপ্তাৰ হোৱা ধেমাজিৰ বিতৰ্কিত ডি এফ অ মহৎ তালুকদাৰৰ কাৰ্যকালত কাজিৰঙাত গড় নিধনৰ তথ্য নাই উদ্যানখনৰ কৰ্তৃপক্ষৰ হাতত৷ উল্লেখ্য যে মহৎ তালুকদাৰে বিগত ১৯৮৯ চনৰ পৰা ১৯৯৩ চনলৈ কাজিৰঙাৰ বাগৰী আৰু আগৰাতলী ৰেঞ্জৰ ৰেঞ্জাৰ হিচাপে কাম কিৰিছল৷ সেই সময়ত কাজিৰঙাত ৯৭ টা গড় চোৰাং চিকাৰীয়ে হত্যা কৰিছিল৷ ইয়াৰ ভিতৰত ৫৪ টা গড়ৰ খড়গ উদ্ধাৰ হৈছে যদিও বাকী ৪৩ টা খড়গ উদ্ধাৰ কৰিবলৈ সক্ষম নহল৷ এই ৪৩ টা গড়ৰ খড়গৰ কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই৷ অনুপসন্ধান কাৰী দলটোৱে উক্ত গড় কেইটাৰ হত্যাৰ লগত মহৎ তালুকদাৰ জড়িত থকা বুলি নিশ্চিত হৈছে৷
Share on Google Plus

About Unknown

0 comments:

Post a Comment