বৰপেটাৰোডৰ জ্যোতি নগৰত আজি পুৱা এগৰাকী যুৱতী মহিলাই চিপজৰীলৈ আত্মহত্যা কৰে। মহিলা গৰাকী হৈছে ৰিজুমনি হাজৰিকা গয়াৰী(২৮ বছৰ)। ধেমাজীৰ ছোৱালী ৰিজুৱে বৰপেটাৰোডৰ উত্তৰাঞ্চলৰ খাগ্ৰাবাৰীৰ প্ৰণৱ গয়াৰীৰ লগত প্ৰেম বিবাহ হৈছিল । প্ৰণৱ CISFৰ জোৱান হোৱাৰ সূত্ৰে ঝাৰখণ্ডত থাকে আৰু ৰিজুৱে একমাত্র চাৰি বছৰীয়া স্কুলীয়া পুত্ৰক লৈ জ্যোতি নগৰৰ প্ৰয়াত মদন তালুকদাৰ ৰ ঘৰত ভাড়াতীয়া হিচাবে কেইমাহ মানৰ পৰা আছিল । আজি পুৱা সাত মান বজাত কাষতে থকা অইন ভাড়াতীয়াই ৰিজুক চিলিংত দুখন চুন্নীৰে চিপজৰী লৈ আত্মহত্যা কৰা প্ৰত্যক্ষ কৰে। আত্মহত্যাৰ কাৰণ ভাড়াঘৰৰ মালিক তথা ওচৰ চুবুৰীয়া একো নাজানে বুলি সদৰী কৰিছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment