দলীয় কৰ্মকৰ্তা সকলে যাতে সচিবালয়ত ভিৰ নকৰি তাৰ পৰিবৰ্তে মন্ত্ৰী সকলক সহজতে লগ পাব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে বিজেপিৰ মন্ত্ৰী সকলক সপ্তাহত নুন্যতম তিনি ঘন্টা সময় বিজেপিৰ হেঙেৰাবাৰীস্থ মুখ্য কাৰ্য্যালত বহিবলৈ নিৰ্দেশ দিছে। সেই মৰ্মে গড়কাপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰতি শুক্ৰবাৰে বিয়লি ২ বজাৰ পৰা ৫ বজালৈ উপস্থিত থাকিব । বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে বহিব। বাকী মন্ত্ৰী সকলেও সোনকালে তেওঁলোকৰ সময় সূচী জনাব বুলি এক সূত্ৰত প্ৰকাশ ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment