সোণোৱালৰ দৃঢ় স্থিতিক লৈ বিপাঙত আৰক্ষী :::

অসমক বিদেশী মুক্ত ৰাজ্যৰ পোষকতা কৰাৰ লগতে বিদেশী বিতৰণৰ ক্ষেত্রত শক্তিশালী স্থিতি মুখ্যমন্ত্ৰী সোণোৱালে লোৱাত এক প্ৰকাৰ হাহাকাৰৰ সৃষ্টি হৈছে অসম আৰক্ষীৰ সীমান্ত শাখাত। ৰাজ্যখনলৈ হোৱা অবৈধ অনুপ্ৰৱেশকাৰী সকলক চিনাক্ত কৰি উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে নিৰ্দেশ দিছে। এই নিৰ্দেশনা পোৱাৰ পিছতে নিদ্ৰাহৰণ হৈছে আৰক্ষীৰ সীমান্ত শাখাৰ। কাৰণ আৰক্ষীয়ে চিনাক্ত কৰা বিদেশী নাগৰিকৰ অধিকাংশই অন্তৰ্ধান হৈছে । প্ৰাপ্ত তথ্য মতে,, বিগত ২০০৭ চনৰ পৰা চলিত বৰ্ষৰ মাৰ্চ মাহলৈ ৪০, ১০৫ জন বিদেশী লোক চিনাক্ত হৈছে । তাৰ ভিতৰত ৩১,১১১জন লোক এই পৰ্যন্ত অন্তৰ্ধান হৈছে । তাৰে মাত্ৰ ১৮৩ জনক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । আদলতে বিদেশী নাগৰিক হিচাবে চিনাক্ত কৰাৰ পিছত সীমান্ত আৰক্ষীয়ে জাননী প্ৰেৰণ কৰাৰ পিছতেই এই বিদেশী নাগৰিক সকল �অন্তৰ্ধান হৈছে বুলি জানিব পৰা গৈছে। ৰাজ্যৰ অন্যতম প্ৰধান সমস্যা বিদেশী অনুপ্ৰৱেশকাৰীৰ  ক্ষেত্ৰত সোণোৱাল চৰকাৰে এতিয়া কেনে পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হব।

Share on Google Plus

About Unknown

0 comments:

Post a Comment