জোনাকী যুগৰ কবি অমূল্য বৰুৱাৰ জন্ম আজিৰ দিনটোতে ১৯২২ চনত যোৰহাটত হৈছিল । তেখেতে ১৯৪১ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা অসমীয়াত লেটাৰ সহ মেট্ৰিক পাছ কৰিছিল । তাৰপিছত জে বি কলেজৰ পৰা ১৯৪৫ চনত বি এ পাছ কৰি কলিকতা বিশ্ববিদ্যালয়ত নাম ভৰ্ত্তি কৰে। কিন্তু কলিকতাৰ ৰাজা ৰাম নাৰায়ণ ষ্ট্ৰীটত ১৯৪৬ চনৰ ১৮ আগষ্ট ত হোৱা এক সাম্প্ৰদায়িক সংঘৰ্ষত তেওঁ আৰু তেওঁৰ সহপাঠীৰ অকাল মৃত্যু হয়। তেখেত এজন মানৱতাবাদী কবি আছিল । তেখে অতি কম সময়ৰ ভিতৰতে ভালেমান কবি লিখি অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰি থৈ গৈছে । তেখেতৰ কেইটামান উল্লেখযোগ্য কবিতা হৈছ--- আন্ধাৰৰ হাহাকাৰ , বৈশ্যা , কয়লা, বিপ্লৱী, কুকুৰ ,ভাৰতীৰ মুক্তিৰ স্বপ্ন ইত্যাদি । যোৱা ১৯৬৪ চনত তেখেতৰ একমাত্র কবিতা পুথি ' অচিনা' প্ৰকাশ কৰি উলিওৱা হয়।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment