সংকটৰ গৰাহত অসমৰ সত্ৰানুষ্ঠান:::

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধদেৱে ৰাজ্যখনৰ বিভিন্ন স্থানত স্থাপন কৰি যোৱা সত্ৰানুষ্ঠান সমূহে সম্প্ৰতি সংকটৰ গৰাহত পৰিছে । অসমৰ সামাজিক , অধ্যাত্মিক, সাংস্কৃতিক ক্ষেত্ৰ খনত অভূত পূৰ্ব অৰিহনা থকা সত্ৰানুষ্ঠান ৯২৬ খন আছে। কিন্তু সত্ৰানুষ্ঠান সমূহৰ সংৰক্ষণ , সংবৰ্ধন তথা সুৰক্ষাৰ দিশত চৰকাৰৰ স্পষ্ট নীতি আৰু সদ ইচ্ছা নথকাৰ বাবে বিগত কেইবছৰমান ধৰি ইয়াত চুৰি, আৰু লুটপাত সংঘটিত হবলৈ পাৰিছে। এতিয়ালৈকে ৩৫ খন সত্ৰানুষ্ঠানত এনে কাৰ্য হৈছে। তেওঁলোকে মূল্যবান সেৱাৰ সামগ্ৰী, সাঁচিপতীয়া পুথি, নগদ ধন, সোণ ৰূপৰ অলংকাৰ লুটকৰি নিছে। আনহাতে, এই সত্ৰানুষ্ঠানৰ নামত ৬,৩২,০০০ বিঘা মাটি আছে যদিও তাৰে ৬,৭৯২ বিঘা মাটি বেদখলকাৰীৰ কবলত পৰিছে । ইয়াৰ ভিতৰত ৪৬০ বিঘা মাটি বৰপেটা সত্ৰ�ৰ। বিগত ২০১১ চনত অসম বিধান সভাৰ মজিয়াত বৰ্তমানৰ অধ্যক্ষ তথা সেই সময়ৰ বিধায়ক ৰনজিৎ কুমাৰ দাসে উত্থাপন কৰি চৰকাৰক এইক্ষেত্ৰত অতিশীঘ্ৰ বিহিত ব্যৱস্থা লবলৈ দাবী জনাইছিল যদিও চৰকাৰে একো ব্যৱস্থা গ্ৰহণ নকৰিলে। এতিয়া তেওঁলোকৰে চৰকাৰ আহিল। সত্ৰদ্বীপ মাজুলীৰ পৰা বিধায়ক নিৰ্বাচিত হৈছে মুখ্যমন্ত্ৰী সোণোৱাল । এতিয়া এই দুই গৰাকী মূৰৰ্বীয়ে সত্ৰানুষ্ঠান সমূহৰ সংকট আতৰোৱাৰ ক্ষেত্ৰত কি পদক্ষেপ লয় সেয়া লক্ষণীয় হব।

Share on Google Plus

About Unknown

0 comments:

Post a Comment