কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ হোৱাটছএপত বিকৃত ফটো দিয়াক কেন্দ্ৰ কৰি মধ্যপ্ৰদেশৰ জব্বলপুৰত দুই ফৈদৰ মাজত সংঘৰ্ষ হয়। ফলত উমেশ বাৰ্মা(৩৩ বছৰ) নামৰ যুৱক এজনৰ মৃত্যু হোৱাৰ লগতে ৬ লোক আহত হয়। তাৰ ভিতৰত ৫ জনৰ অৱস্থাই সংকটজনক। প্ৰাপ্ত বাতৰি মতে,,যতীন ৰাজ নামৰ কংগ্ৰেছী লোক এজনৰ বিজয় নগৰ ফ্ৰেণ্ডছ গোট আৰু হোৱাটছএপত ছোনিয়া গান্ধীৰ আপত্তিজনক ফটো পোষ্ট কৰা গোটটোৰ মাজত আৰক্ষী থানাতে সংঘৰ্ষ লাগে। লগত ছুৰি লৈ থকা যতীনৰ সমৰ্থক সকলে বিপক্ষৰ বিৰুদ্ধে থানাৰ ভিতৰতে আক্ৰমণ কৰি দিয়ে। উল্লেখ্য যে প্ৰশান্ত নায়ক নামৰ লোকজনে হোৱাটছএপত ছোনিয়াৰ আপত্তিজনক ফটো পোষ্ট দিছিল।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment