ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ( NRC)ত ভুৱা নথি পত্ৰৰে নাম অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা চলোৱাৰ বাবে বৰপেটা আৰক্ষীয়ে দুজন লোকক আটক কৰিছে।তেওঁলোক হৈছে -- বৰপেটাৰ ধানবন্ধাৰ জাহিদুল ইছলাম আৰু দামালঝাৰৰ আচানউদ্দিন। আনহাতে ভুৱা নথিপত্ৰ বনোৱা এটি চক্ৰৰ সদস্য ফজলুৰ ৰহমান নামৰ লোক এজনকো আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীয়ে এই সংক্ৰান্তত দুখন জাল জন্মৰ প্ৰমাণ পত্ৰ,বিভিন্ন বিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, মাধ্যমিক শিল্পী বৰ্ড,উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আদিৰ লগতে যথেষ্ট সংখ্যক ভুৱা প্ৰমাণ পত্ৰ, এডমিট কাৰ্ড , নম্বৰ তালিকা আদি জব্দ কৰিছে। চক্ৰটোৱে ভুৱা প্ৰমাণ পত্ৰ সমূহ ২--৩ হেজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰি আহিছিল । যাৰ ফলত এতিয়া ভুৱা প্ৰমাণ দি ভাৰতীয় নাগৰিক হব চেষ্টা চলোৱা ভালেমান লোক আৰক্ষীৰ জালত পৰাটো নিশ্চিত হৈছে।
Subscribe to:
Post Comments
(
Atom
)
ই এক বৃহৎ জালিয়াতি ৷ ভুৱা প্ৰমাণ প্ৰমাণ পত্ৰৰে বিভিন্ন জনে সা সুবিধা গ্ৰহণ কৰি থাকাটো নতুন কথা নহয় ৷ কিন্তু NRCৰ বাবে ভুৱা জন্মৰ প্ৰমাণ পত্ৰ প্ৰয়োগ কৰাতো গুৰুত্বপুৰ্ণ বিষয় ৷ প্ৰশাসন তৎপৰ হলে বহুটো তথ্য পোৱা যাব ৷
ReplyDelete