অভিলেখঃ ২৬ মিনিটত ২০ টা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন ভাৰতৰ

ভাৰতীয় মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনত ২৬ মিনিটত ২০ টা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপনেৰে অভিলেখ ৰচনা কৰিলে ভাৰতীয় মহাকাশ গৱেষণা ইছৰোেয়৷ কালি অন্ধ্ৰপ্ৰদেশৰ শ্ৰী হৰিকোটাৰ উৎক্ষেপনস্থলীৰ পৰা ইছৰোয়ে PSLV C-34য়ে মহাকাশলৈ ২০ টা উপগ্ৰহ কঢ়িয়াই নিয়ে৷এই ২০ টা উপগ্ৰহৰ ভিতৰত ভাৰতীয় প্ৰযুক্তিৰে নিৰ্মিত ভূ-পৰ্যবেক্ষনকাৰী উপগ্ৰহ কাৰ্টোছাট-২, সত্যভামাছাট আৰু স্বয়মৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ, জাৰ্মানী, ইণ্ডোনেছীয়া, কানাডাৰ দ্বাৰা নিৰ্মিত ১৭ টা উপগ্ৰহ আছে৷ এই ২০ টা উপগ্ৰহৰ ওজন প্ৰায় ১২৮৮ কিলোগ্ৰাম৷ ইয়াৰ পূৰ্বে ৰাছিয়াই ২০১৪ চনত ৩৭ টা উপগ্ৰহ উৎক্ষেপন কৰি অভিলেখ গঢ়িছিল৷ ভাৰতীয় ইতিহাসত যোৱাকালিৰ উৎক্ষেপনটো আছিল সৰ্ববৃহৎ৷
Share on Google Plus

About Unknown

0 comments:

Post a Comment