অসম বিধান সভাৰ নৱ নিৰ্বাচিত অধ্যক্ষ ৰনজিৎ কুমাৰ দাসে আজি প্ৰটোকল ভংগ কৰি হাটে বজাৰে ঘূৰি ব্যৱসায়ী সকলৰ মত বিনিময় কৰে। ৰাজ্যৰ এগৰাকী সাংবিধানিক মূৰৰ্বী হিচাবে অধ্যক্ষ গৰাকীয়ে কিছুমান নীতি নিয়মৰ মাজত থাকিব লগা হয়। সেয়ে বহুতো প্ৰটোকল মানি চলিব লগীয়া হোৱাৰ বাবে যতে ততে, বজাৰে সমাৰে আন দহ জনৰ দৰে যাব নোৱাৰে । কিন্তু মানুহৰ লগত থাকি ভালপোৱা, সমাজ প্ৰিয় ৰনজিৎ দাসক প্ৰটোকলেও ধৰি ৰাখিব নোৱাৰিলে। সৰুৰ পৰা বৰপেটাৰোড বজাৰৰ মাজ মজিয়াত থকা বাসগৃহত ডাঙৰ দীঘল হোৱা দাসে আজি ৰাইজৰ মৰমক আওকাণ কৰিব নোৱাৰি বজাৰৰ ভিতৰত সোমাই ফুট পাথৰ দোকানীৰ পৰা আৰম্ভ কৰি ডাঙৰ দোকানী সকলৰ লগত হেণ্ডচেক কৰি, নমস্কাৰ জনাই তেওঁলোকৰ খা- খবৰ লয়। তেওঁলোকৰ মৰমৰ ৰনজিৎ দাক এনেদৰে ওচৰতে পাই ব্যৱসায়ী সকল আপ্লুত হৈ পৰে আৰু তেওঁৰ ৰাজনৈতিক জীৱন সকলোৱে সফল হোৱাৰ কামনা কৰে। অধ্যক্ষ গৰাকীয়ে প্ৰটোকল ভংগ কৰি এনে বজাৰে সমাৰে ঘূৰি ফুৰাৰ সম্পৰ্কত কয়---- মই ডাঙৰ মানুহ হব খোজা নাই, ৰাইজৰ মনৰ মানুহ হব খোজো। বৰপেটাৰোডৰ অধিকাংশ ৰাইজৰ বাবে মই ৰনজিৎ দা, অগ্ৰজ সকলৰ বাবে ৰনজিৎ আৰু অনুজ সকলৰ বাবে ৰনজিৎ খুড়া হৈ থাকিব বিচাৰিছো, চাৰ নহয় । এইক্ষেত্ৰত প্ৰটোকল ভংগ হলেও মানৱ প্ৰেমৰ বাবে সেয়া নিশ্চয় ক্ষমাৰ যোগ্য হব।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment