বিশ্ব যোগ দিৱসত প্ৰধানমন্ত্ৰী মোডী::

সমগ্ৰ বিশ্বতে আজি  দ্বিতীয় বিশ্ব যোগ দিৱস উদযাপন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাঞ্জাবৰ ৰাজধানী চণ্ডিগড়ৰ কেপিটেল কমপ্লেক্সত  কেন্দ্ৰীয় ভাৱে আয়োজিত বিশ্ব যোগ দিৱসৰ কাৰসূচীত অংশগ্ৰহণ কৰে। তেওঁ উদ্বোধনী ভাষণত কয়--- যোগ হৈছে নিজক নিৰোগী আৰু মানসিক ভাৱে সবল কৰি ৰখাৰ অন্যতম মাধ্যম । যোগৰ দ্বাৰা বহু ৰোগ নিৰ্মূল কৰিব পাৰি আৰু বহু ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। ভাৰতবৰ্ষত দিনক দিনে বাঢ়ি অহা ডাইবেটিকছ ৰোগক লৈ তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰে। ডাইবেকটিছ ৰোগ যিহেতু যোগৰ দ্বাৰা  নিয়ন্ত্ৰণ কৰিব পাৰি সেয়ে সেয়ে চলিত বৰ্ষটোত প্ৰশিক্ষক সকলক এইটো বিষয়ত  যোগ প্ৰশিক্ষণ দিবলৈ পৰামৰ্শ আগ বঢ়ায়। পিছৰ বৰ্ষত অইন এটি ৰোগ নিয়ন্ত্ৰণৰ বাবে যোগ প্ৰশিক্ষণ দিবলৈ কয়। আজিৰ এই যোগ দিৱসৰ  কাৰ্যসূচীত ছাত্ৰ ছাত্ৰী,বিশিষ্ট ব্যক্তি , সেনা বাহিনীৰ ৩০ হেজাৰ লোকে অংশগ্ৰহণ কৰে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment