জীৱন্তে সমাধিস্থ দুই মহিলা :: ডাইনী সন্দেহৰ ভয়াবহ পৰিণতি

নগাঁও জিলাৰ বঢ়মপুৰৰ হায়েংথলৰ নাহৰবাৰীৰ ৪নং বার্ডত দুগৰাকী মহিলাক ডাইনী সজাই জীৱন্তে সমাধিস্থ কৰা হ’ল । জীৱন্তে সমাধিস্থ কৰা মহিলা দুগৰাকী হৈছে নাহৰবাৰী ছালমী গৌড় (৪৮) আৰু ছাগ গৌড় (৬০)। ঘটনা সন্দৰ্ভত প্রকাশ পোৱা অনুসৰি নাহৰবাৰী গাঁওখনত বিগত সময়খিনিত হৈ অহা অপায়-অমংগল আৰু অসুখ-বিসুখ আদিৰ বাবে উক্ত মহিলা দুগৰাকীক ডাইনী বুলি স্থানীয় ৰাইজে সন্দেহৰ চকুৰে চাই আহিছিল। শেহতীয়াকৈ নাহৰবাৰী বাচু গৌড়ৰ ঘৰৰ পিছফালে থকা পানী খোৱা পুখুৰীটােত পোকৰ উদ্ভৱ হয়। হঠাৎ পুখুৰীটােত পোকৰ উদ্ভৱ হােৱাত গাঁওবাসী এজন বেজৰ কাষ চাপে। উক্ত বেজ তথা তান্ত্রিকজনে পুখুৰীটােত মন্ত্রাদি পাঠ কৰি চাউল জাৰি-ফুকি ছালমী গীেড় আৰু ছাগ গৌড় নামৰ মহিলা দুগৰাকী গাঁওখনত থকাৰ বাবেই এইবােৰ ঘটনা হৈ থকা বুলি প্রকাশ কৰে। উক্ত মহিলা দুগৰাকী গাঁওখনত থাকিলে অমংগল হৈ থাকিব বুলিও প্রকাশ কৰাত গাঁওবাসীয়ে মহিলা দুগৰাকীক হত্যা কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। ইয়াৰ পাছতে কালি তিনিজন ভাতৃয়ে পুৱা প্রায় আঠ বজাত মহিলা দুগৰাকীক ঘৰৰ পৰা ওলাই অহাৰ পাছতে ধৰি আনি পুখুৰীটােৰ কাষত উপস্থিত কৰায়। লগে লগে গাঁওখনৰ বহুসংখ্যক লোক ঘটনাস্থলীত উপস্থিত হৈ মহিলা দুগৰাকীক দােষী সাব্যস্ত কৰে। কেইবাঘণ্টা ধৰি বিচাৰ কাৰ্য চলাৰ পাছত দিনৰ দুই বজাত বাচু গৌড়, চানু গীেড় আৰু কুমাৰ চানু গীেড় নামৰ যুৱক তিনিজনে মহিলা দুগৰাকীক জীৱন্তে পুখুৰীটােৰ কাষতে থকা এটা কেঁচা কুঁৱাত পেলাই দিয়ে। বহুসংখ্যক লোকৰ চকুৰ সন্মুখতে মহিলা দুগৰাকীৰ মৰণকাতৰ আৰ্তনাদে তিলমাত্রও হৃদয় কঁপাব নােৱৰা তিনিজন ঘাতকে নিমিষতে কুঁৱাটাে পুতি পেলোৱাত ৬০ উদ্ধৰ্বৰ মহিলাগৰাকীৰ লগতে আনগৰাকী মহিলা জীৱন্তে সমাধিস্থ হয়।
Share on Google Plus

About Unknown

0 comments:

Post a Comment