ঘোচাখোৰ ৰাকেশ পালৰ ক’লা ধনৰ সন্ধানত আৰক্ষী ::ওলাইছে ন ন তথ্য



অসম লোকসেৱা আয়ােগৰ ঘোচাখোৰ অধ্যক্ষ ৰাকেশ পালক যোৱা দুদিন ধৰি মাৰাথন জেৰা চলোৱাৰ সময়ত তদন্তকাৰী আৰক্ষীয়ে আন বহু বিস্ফোৰক তথ্য লাভ কৰিছে। তদন্তকাৰী আৰক্ষীয়ে ৰাকেশ - পালক লগত লৈ তেওঁ দিয়া তথ্যৰ ভিত্তিত এই অভিযান অব্যাহত ৰাখিছে। মন কৰিবলগীয়া কথাটাে হ’ল ইতিমধ্যে ভঙাগড়ত থকা পালৰ ভাতৃ ৰাজীৱ পালৰ ছপাশালতাে আৰক্ষীয়ে তালাচী চলাই বহু উত্তৰবাহী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ কৰা বহীখিনিৰ তথ্যও জেৰাৰ সময়ত আৰক্ষীক দিবলৈ বাধ্য হয় অধ্যক্ষ পাল। সন্দেহ কৰা হৈছে যে ভালে কেইজন দালালৰ হাতত পালৰ বহু ক’লা ধন জমা হৈ আছে। উল্লেখ্য যে এ পি এছ চিৰ দুনীতিগ্রস্ত অধ্যক্ষগৰাকীৰ গুৱাহাটীকে ধৰি দেশৰ আন প্রান্তত থকা স্থাবৰ সম্পত্তিসমূহৰ তথ্য বহু পূর্বেই আৰক্ষীয়ে লাভ কৰিছিল। ইতিমধ্যে দুনীতি নিবাৰক আৰু তদাৰকী শাখাৰ অধীক্ষক মুকুল শইকীয়াই ৰাকেশ পালৰ নামে-বেনামে থকা সমস্ত সম্পত্তিৰ তথ্য সংগ্ৰহ কৰি তাৰ প্ৰতিবেদন উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল। আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পিছতে তেওঁৰ উপাৰ্জনৰ লগত সামঞ্জস্য নথকা সম্পত্তিৰ তথ্য সংগ্ৰহত নামি পৰিছে আৰক্ষীৰ অভিযানকাৰী দল। ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছৰৰ নেতৃত্বত কালি পুৱাৰ পৰাই গুৱাহাটীৰ মফচলীয় কেইবাটাও স্থানত অভিযান চলে। আজি আৰক্ষীয়ে পালৰ বেংক লকাৰতো তালাচী চলোৱাৰ সম্ভাৱনা আছে। আৰক্ষীৰ তদন্তত এতিয়া বহু নতুন নতুন তথ্য পোহৰলৈ আহিছে। পালে দুনীতিৰ লগত জড়িত বহু ব্যক্তিৰ নামো সদৰী কৰিছে। কিন্তু অনুসন্ধানৰ স্বাৰ্থতে এই তথ্যসমূহ ৰাজহুৱা কৰা নহয়। ইফালে, আৰক্ষীয়ে ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পালৰ ভাঙাগড়স্থিত ছপাশাল ‘শুভদ্বীপ প্ৰিণ্টাৰ্ছত তালাচী চলাই এই ছপাশালত আৰক্ষীয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ২০খন খালী উত্তৰবাহী, উত্তৰ বহীৰ মাষ্টাৰ কপী ৭ খন আৰু ‘কাৰেকচন ছাঁট” ১খন উদ্ধাৰ কৰে। ইয়াৰ পৰাই পুনৰবাৰ অসম লোকসেৱা আয়োগত চলি থকা অৰাজকতা স্পষ্ট হৈ পৰে। ইফালে, অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰ তদন্ত আগবঢ়াই নিবৰ বাবে ৰাইজৰ সহযোগিতাও বিচাৰিছে আৰক্ষীয়ে। যদি লোকসেৱা আয়োগৰ দুনীতি সন্দৰ্ভত কোনো ব্যক্তিৰ হাতত তথ্য আছে, তেনেহ’লে গোচৰটােৰ তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছৰ (ফোন৯৪৩৫০-৫১৮৬০) নাইবা ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ ফোন-৯৪৩৫০৯৪৬৬৩ত যোগাযোগ কৰিবলৈ আৰক্ষীয়ে অনুৰােধ জনাইছে। এইক্ষেত্ৰত আৰক্ষীয়ে প্রয়োজনীয় গোপনীয়তা অৱলম্বন কৰা হ’ব বুলিও ঘোষণা কৰিছে। 



Share on Google Plus

About Unknown

0 comments:

Post a Comment